১০ লাখ টকাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰা প্ৰাক্তন বিষয়া হেমন্ত কুমাৰ তালুকদাৰৰ পেঞ্চন আৰু গ্ৰেচুইটি স্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।
গুৱাহাটী, ২৬ নৱেম্বৰ: উৎকোচ গ্ৰহণৰ অভিযোগত হাতে-লোটে ধৰা পৰা এগৰাকী প্ৰাক্তন চৰকাৰী বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
ইয়াৰ পিছতে ২০২২ চনৰ ২৪ মে'ত অসম আৰক্ষীৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে তেওঁক ১০ লাখ টকা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰে।
বিভাগীয় তদন্তত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ প্ৰমাণিত হয়।
ইফালে প্ৰাক্তন বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা ফৌজদাৰী গোচৰটো এতিয়াও কামৰূপ মহানগৰৰ অসমৰ বিশেষ ন্যায়াধীশৰ আদালতত বিচাৰাধীন হৈ আছে।
newznow.in