গুৱাহাটী, ২৬ নৱেম্বৰ: উৎকোচ গ্ৰহণৰ অভিযোগত হাতে-লোটে ধৰা পৰা এগৰাকী প্ৰাক্তন চৰকাৰী বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ১০ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগ বিভাগীয় তদন্তত প্ৰমাণিত হোৱাৰ পিছতে প্ৰাক্তন বিষয়াগৰাকীৰ সম্পূৰ্ণ পেঞ্চন আৰু গ্ৰেচুইটি স্থায়ীভাৱে কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। অভিযুক্ত প্ৰাক্তন বিষয়াগৰাকী হৈছে দৰং জিলাৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰাক্তন মহাপ্ৰবন্ধক হেমন্ত কুমাৰ তালুকদাৰ। প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচীৰ (পিএমইজিপি) অধীনত ঋণৰ আবেদন প্ৰক্ৰিয়াকৰণ কৰি দিয়াৰ বাবদ তালুকদাৰে ১০ লাখ টকা উৎকোচ বিচাৰিছিল।

ইয়াৰ পিছতে ২০২২ চনৰ ২৪ মে'ত অসম আৰক্ষীৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে তেওঁক ১০ লাখ টকা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰে। এই ঘটনাৰ পাছত বিষয়াগৰাকীৰ বিৰুদ্ধে এক বিভাগীয় তদন্ত আৰম্ভ কৰা হয়।

বিভাগীয় তদন্তত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ প্ৰমাণিত হয়। ইয়াৰ ভিত্তিত চৰকাৰে অসম সেৱা (পেঞ্চন) নিয়ম, ১৯৬৯ অনুসৰি তেওঁৰ পেঞ্চন আৰু গ্ৰেচুইটি স্থায়ীভাৱে বন্ধ কৰাৰ শাস্তি বিহে। বিষয়াগৰাকীয়ে ২০২২ চনৰ ৩১ ডিচেম্বৰত চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

ইফালে প্ৰাক্তন বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা ফৌজদাৰী গোচৰটো এতিয়াও কামৰূপ মহানগৰৰ অসমৰ বিশেষ ন্যায়াধীশৰ আদালতত বিচাৰাধীন হৈ আছে। বিশেষ আদালতত ৯/২০২৪ নম্বৰত চলি থকা দুৰ্নীতিৰ এই গোচৰটোৰ চূড়ান্ত ৰায় এতিয়াও ওলোৱা নাই।