সংবিধান দিৱস উপলক্ষে দিছপুৰত প্ৰদেশ কংগ্ৰেছে উলিওৱা পদযাত্ৰাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ।
গুৱাহাটী: সংবিধান দিৱস উপলক্ষে সংবিধান ৰক্ষাৰ দাবীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সমগ্ৰ দেশজুৰি ‘ছেভ ভোট, ছেভ কানট্ৰী’ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।
দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এই পদযাত্ৰা উলিওৱা হয়।
পদযাত্ৰাৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদ গৌৰৱ গগৈয়ে কয় যে সংবিধান দিৱস উপলক্ষে কংগ্ৰেছে দেশৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত সংবিধান ৰক্ষাৰ প্ৰতিজ্ঞা গ্ৰহণ কৰিছে।
গগৈয়ে অভিযোগ কৰে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে অসমতো সংবিধান উলংঘনৰ একাধিক ঘটনা ঘটিছে।
newznow.in