গুৱাহাটী: সংবিধান দিৱস উপলক্ষে সংবিধান ৰক্ষাৰ দাবীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সমগ্ৰ দেশজুৰি ‘ছেভ ভোট, ছেভ কানট্ৰী’ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই দেশজোৰা কাৰ্যসূচীৰ অংশ হিচাপে মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও গুৱাহাটীৰ দিছপুৰত এক প্ৰতিবাদী পদযাত্ৰা বাহিৰ কৰে।

দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এই পদযাত্ৰা উলিওৱা হয়। প্ৰতিবাদী সমদলটোত অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক ভূপেশ বাঘেল আৰু লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ লগতে দলটোৰ কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

সংবিধান ৰক্ষাৰ বাবে কংগ্ৰেছ সজাগ: গৌৰৱ গগৈ

পদযাত্ৰাৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদ গৌৰৱ গগৈয়ে কয় যে সংবিধান দিৱস উপলক্ষে কংগ্ৰেছে দেশৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত সংবিধান ৰক্ষাৰ প্ৰতিজ্ঞা গ্ৰহণ কৰিছে। দেশৰ প্ৰতিখন গাঁৱতে সংবিধান ৰক্ষাৰ বাবে দলৰ প্ৰতিজন নেতা-কৰ্মীয়ে সৈনিক হিচাপে কাম কৰি যাব বুলি তেওঁ প্ৰকাশ কৰে।

বিজেপি দলে দেশৰ সংবিধান নাইকিয়া কৰিবলৈ বিচাৰিছে। সংবিধানত উল্লেখিত বিভিন্ন জাতি-জনগোষ্ঠী, অনুসূচিত জাতি আৰু সংখ্যালঘু লোকসকলৰ সাংবিধানিক সুৰক্ষা কৱচ তথা অধিকাৰ কাঢ়ি ল'বলৈ চেষ্টা চলোৱা হৈছে।

গগৈয়ে অভিযোগ কৰে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে অসমতো সংবিধান উলংঘনৰ একাধিক ঘটনা ঘটিছে। অসম চুক্তিৰ প্ৰতি ভাবুকি, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জনজাতিসকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব, সাধাৰণ নাগৰিকৰ বাক স্বাধীনতা হৰণ আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সাংবাদিকসকলৰ ওপৰত আক্ৰমণ চলিছে বুলি তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংবিধানিক নীতি উলংঘনৰ অভিযোগ

ৰাজ্যৰ মুখ্যমন্ত্ৰীক লক্ষ্য কৰি সাংসদগৰাকীয়ে কয় যে যিগৰাকী ব্যক্তিয়ে সংবিধান ৰক্ষাৰ শপত গ্ৰহণ কৰিছিল, তেওঁৱেই অসমত সংবিধানবিৰোধী কাৰ্যকলাপত আটাইতকৈ বেছি লিপ্ত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো সংবিধানৰ ওপৰত আক্ৰমণ চলাইছে বুলি তেওঁ অভিযোগ কৰে।

গৌৰৱ গগৈয়ে কয় যে দেশ স্বাধীন কৰাত অতীতত কংগ্ৰেছ দলৰ এক ঐতিহাসিক ভূমিকা আছিল। বৰ্তমান সময়ত দেশত এখন ভয়মুক্ত আৰু গণতান্ত্ৰিক সমাজ গঢ়াৰ গধুৰ দায়িত্ব পুনৰ কংগ্ৰেছৰ ওপৰত আহি পৰিছে। গণতন্ত্ৰ আৰু দেশখনক সুৰক্ষিত কৰিবলৈ হ'লে বিজেপিক শাসনৰ পৰা আঁতৰোৱাৰ প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য কৰে।