সংবিধান দিৱসত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদী যাত্ৰাত আৰক্ষীৰ বাধা।
গুৱাহাটী, ২৬ নৱেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত বুধবাৰে সংবিধান দিৱস উদ্যাপন কৰা হয়।
ইয়াৰ পূৰ্বে দলীয় কাৰ্যালয়ত অনুষ্ঠিত সভাত কংগ্ৰেছ নেতা-কৰ্মীসকলে ‘সংবিধান ৰক্ষা প্ৰতিজ্ঞা’ পাঠ কৰি নাগৰিকৰ ভোটাধিকাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থা সুৰক্ষিত কৰাৰ সংকল্প গ্ৰহণ কৰে।
প্ৰতিবাদী সভাত ভাষণ দি সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে।
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বাক স্বাধীনতা হৰণৰ অভিযোগ তুলি সাংসদগৰাকীয়ে কয় যে চৰকাৰক প্ৰশ্ন কৰিলেই ৰাষ্ট্ৰীয় সুৰক্ষা আইন বা ইউ এ পি এ লগাই কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।
newznow.in