গুৱাহাটী, ২৬ নৱেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত বুধবাৰে সংবিধান দিৱস উদ্‌যাপন কৰা হয়। ‘ভোট বচাওক, দেশ বচাওক’ কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা চচললৈ আয়োজন কৰা ‘সংবিধান ৰক্ষা যাত্ৰা’ত আৰক্ষীয়ে প্ৰবল বাধা আৰোপ কৰে। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখতে আৰক্ষীয়ে বেৰিকেড দি প্ৰতিবাদী পদযাত্ৰাটো আগবাঢ়িবলৈ নিদিয়াত দলৰ নেতা-কৰ্মীসকলে বিজেপি চৰকাৰ আৰু ভোট চুৰিৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

ইয়াৰ পূৰ্বে দলীয় কাৰ্যালয়ত অনুষ্ঠিত সভাত কংগ্ৰেছ নেতা-কৰ্মীসকলে ‘সংবিধান ৰক্ষা প্ৰতিজ্ঞা’ পাঠ কৰি নাগৰিকৰ ভোটাধিকাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থা সুৰক্ষিত কৰাৰ সংকল্প গ্ৰহণ কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে মহাত্মা গান্ধী আৰু ড° ভীমৰাও আম্বেদকাৰৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

প্ৰতিবাদী সভাত ভাষণ দি সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে। গগৈয়ে কয় যে স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰত ত্যাগ আন্দোলনত আৰ এছ এছে অংশ লোৱা নাছিল আৰু ১৯৪৯ চনত ড° আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখনো আৰ এছ এছে স্বীকাৰ কৰা নাছিল। তেওঁ কয়, "আজি তেওঁলোকে দেশপ্ৰেম আৰু সংবিধানৰ চাৰ্টিফিকেট দিব বিচাৰে, কিন্তু আমাক বিজেপি-আৰ এছ এছৰ পৰা কোনো চাৰ্টিফিকেট নালাগে।"

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বাক স্বাধীনতা হৰণৰ অভিযোগ তুলি সাংসদগৰাকীয়ে কয় যে চৰকাৰক প্ৰশ্ন কৰিলেই ৰাষ্ট্ৰীয় সুৰক্ষা আইন বা ইউ এ পি এ লগাই কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। বিধানসভাত জুবিন গাৰ্গৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্যক প্ৰত্যাহ্বান জনাই গগৈয়ে কয়, "সাহস আছে যদি জুবিন গাৰ্গক কোনে হত্যা কৰিলে সেই মানুহজনৰ নাম ৰাজহুৱাভাৱে প্ৰকাশ কৰক।" ইয়াৰ উপৰি কেন্দ্ৰীয় নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি ভোট চুৰি কৰাৰ অভিযোগ তুলি তেওঁ এই অন্যায়ৰ বিৰুদ্ধে কংগ্ৰেছে যুঁজ চলাই যাব বুলি স্পষ্ট কৰি দিয়ে।

সভাত এ আই চি চিৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলে অভিযোগ কৰে যে বৰ্তমানৰ বিজেপি চৰকাৰে সংবিধানক সকলো দিশৰ পৰা দুৰ্বল কৰাৰ ষড়যন্ত্ৰ চলাইছে। তেওঁ কয় যে ভোটাধিকাৰ কাঢ়ি নিবলৈ ১৩ কোটিৰো অধিক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে আৰু ন্যায়পালিকা তথা নিৰ্বাচন আয়োগৰ দৰে সাংবিধানিক সংস্থাসমূহক দুৰ্বল কৰাৰ চেষ্টা চলিছে। এই সংগ্ৰামত ৰাহুল গান্ধী আৰু বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁট ঐক্যবদ্ধ হৈ আছে বুলি তেওঁ উল্লেখ কৰে।

কাৰ্যসূচীত এ আই চি চিৰ সম্পাদক মনোজ চৌহান, ইফতিকাৰ আহমেদ, ববী ভগত, সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ আব্দুল খালেক, প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী, উপ-দলপতি ড° জয়প্ৰকাশ দাস, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কী আৰু জাকিৰ হুছেইন শিকদাৰকে ধৰি ভালেসংখ্যক দলীয় বিধায়ক আৰু নেতা-কৰ্মী উপস্থিত থাকে।