শিলচৰৰ বিলপাৰত এছবিআইৰ এটিএম ভাঙিবলৈ চেষ্টা চলোৱাৰ সময়তে বোৰ্খা পৰিহিত আব্দুল আজিজ লস্কৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
শিলচৰ, ২৬ নৱেম্বৰ: শিলচৰ চহৰত বোৰ্খা পৰিধান কৰি এটিএম লুটৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে এজন ব্যক্তিক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছে।
মঙলবাৰে নিশা প্ৰায় ২ বজাত শিলচৰৰ বিলপাৰ অঞ্চলৰ ইন্দ্ৰপ্ৰস্থ হোটেলৰ সমীপত থকা ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) এটিএম কাউণ্টাৰত এই ঘটনা সংঘটিত হয়।
যন্ত্ৰটো কাটি থকাৰ সময়তে এটিএমৰ নিৰাপত্তাজনিত এলাৰ্ম বাজি উঠে।
অৱশ্যে অভিযানকাৰী দলৰ উপস্থিতিৰ উমান পাই অভিযুক্তৰ সহযোগীসকলে বাহিৰত ৰখাই থোৱা এখন বাহন লৈ সেই স্থানৰ পৰা পলায়ন কৰে।
newznow.in