শিলচৰ, ২৬ নৱেম্বৰ: শিলচৰ চহৰত বোৰ্খা পৰিধান কৰি এটিএম লুটৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে এজন ব্যক্তিক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনৰ নাম আব্দুল আজিজ লস্কৰ বুলি চিনাক্ত কৰা হৈছে।
মঙলবাৰে নিশা প্ৰায় ২ বজাত শিলচৰৰ বিলপাৰ অঞ্চলৰ ইন্দ্ৰপ্ৰস্থ হোটেলৰ সমীপত থকা ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) এটিএম কাউণ্টাৰত এই ঘটনা সংঘটিত হয়। নিজৰ পৰিচয় লুকুৱাবলৈ বোৰ্খা পিন্ধি লোকজনে এটিএম কক্ষত প্ৰৱেশ কৰিছিল আৰু মেচিনটো ভাঙি ধন উলিয়াবলৈ চেষ্টা চলাইছিল।
যন্ত্ৰটো কাটি থকাৰ সময়তে এটিএমৰ নিৰাপত্তাজনিত এলাৰ্ম বাজি উঠে। ইয়াৰ লগে লগে বেংক কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। খবৰ লাভ কৰাৰ পাছতেই আৰক্ষীৰ এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু কাউণ্টাৰৰ ভিতৰৰ পৰাই আব্দুল আজিজ লস্কৰক কৰায়ত্ত কৰে।
অৱশ্যে অভিযানকাৰী দলৰ উপস্থিতিৰ উমান পাই অভিযুক্তৰ সহযোগীসকলে বাহিৰত ৰখাই থোৱা এখন বাহন লৈ সেই স্থানৰ পৰা পলায়ন কৰে।
আৰক্ষীয়ে অভিযানৰ সময়ত এখন টাটা পাঞ্চ বাহনৰ লগতে এটা জেনেৰেটৰ, কাটিং মেচিন, ড্ৰিল মেচিন, বোৰ্খা, হাতমোজা, স্ক্ৰু ড্ৰাইভাৰ আৰু তাঁৰসহ কেইবাবিধো আপত্তিজনক সামগ্ৰী জব্দ কৰে। এটিএম লুটৰ অপচেষ্টাত এই সঁজুলিসমূহ ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই জনোৱা মতে, বিগত দুসপ্তাহ ধৰি শিলচৰৰ বিভিন্ন স্থানত এটিএম লুটৰ চেষ্টা চলোৱাৰ তথ্য আৰক্ষীৰ হাতত আছিল। ধৃত আব্দুল আজিজ লস্কৰে গ্ৰীল নিৰ্মাণৰ কাম কৰিছিল আৰু ৱেল্ডিং তথা কাটিঙৰ কামত তেওঁৰ কাৰিকৰী অভিজ্ঞতা আছে। এই অভিজ্ঞতাক অপৰাধমূলক কামত ব্যৱহাৰ কৰা হৈছিল নেকি, সেই সন্দৰ্ভতো তদন্ত চলাই থকা হৈছে।
ঘটনাৰ লগত জড়িত পলাতক সহযোগীসকলক আটক কৰাৰ বাবে আৰক্ষীয়ে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে।