ভোটাৰ তালিকাৰ বিশেষ সংশোধনত অনিয়মৰ অভিযোগ তুলি ভূপাল আৰু তাৰ পিছত গুজৰাটত সমাৱেশ কৰিব বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে।
নতুন দিল্লী, ২৬ নৱেম্বৰ: ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পুনৰ ৰাজপথলৈ ওলাব বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁট।
যোৱা ১ নৱেম্বৰত দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰামলীলা ময়দানত এক বৃহৎ সমাৱেশ অনুষ্ঠিত হৈছিল।
তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ দলপতি ডেৰেক অ’ব্ৰায়েনে এই পদক্ষেপক এক পৰিকল্পিত সিদ্ধান্ত বুলি অভিহিত কৰে।
‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠন হোৱাৰ সময়তো ভূপালত এখন বৃহৎ সমাৱেশ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছিল।
newznow.in