নতুন দিল্লী, ২৬ নৱেম্বৰ: ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পুনৰ ৰাজপথলৈ ওলাব বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁট। ইয়াৰ অংশ হিচাপে অহা ১২ ডিচেম্বৰত মধ্যপ্ৰদেশৰ ভূপালত এক বিশাল ৰাজহুৱা সমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বিৰোধী দলসমূহে। ভূপালৰ পিছত পৰৱৰ্তী সমাৱেশ গুজৰাটত অনুষ্ঠিত হ'ব।

যোৱা ১ নৱেম্বৰত দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰামলীলা ময়দানত এক বৃহৎ সমাৱেশ অনুষ্ঠিত হৈছিল। তাৰ পিছত দিল্লীৰ বাহিৰত এইটোৱেই হ'ব বিৰোধী মিত্ৰজোঁটৰ প্ৰথমটো ডাঙৰ কাৰ্যসূচী। ভোটাৰ তালিকাৰ বিশেষ সংশোধনত অনিয়মৰ অভিযোগ তুলি বিৰোধী নেতাসকলে মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগ দাবী কৰি আহিছে।

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ দলপতি ডেৰেক অ’ব্ৰায়েনে এই পদক্ষেপক এক পৰিকল্পিত সিদ্ধান্ত বুলি অভিহিত কৰে। তেওঁ জনায় যে দিল্লীৰ পিছত বিজেপি শাসিত ৰাজ্যসমূহত এনে সমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। উত্তৰ ভাৰতৰ ৰাজনীতিৰ দৃষ্টিকোণৰ পৰাও ভূপালত হ'বলগীয়া এই সমাৱেশ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।

‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠন হোৱাৰ সময়তো ভূপালত এখন বৃহৎ সমাৱেশ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছিল। ২০২৩ চনৰ ১৩ ছেপ্টেম্বৰত এনচিপি-এছপিৰ নেতা শৰদ পাৱাৰৰ বাসগৃহত মিত্ৰজোঁটৰ ১৪ জনীয়া সমন্বয় সমিতিৰ প্ৰথমখন বৈঠক বহিছিল। সেই বৈঠকৰ পিছত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে অক্টোবৰৰ প্ৰথম সপ্তাহত ভূপালত সমাৱেশ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল যদিও পাছত সেই কাৰ্যসূচী বাতিল কৰা হয়।

শেহতীয়াকৈ দিল্লীত ১৯টাতকৈও অধিক বিৰোধী দলে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। বিষয়টো লৈ উচ্চতম ন্যায়ালয়তো আবেদন দাখিল কৰা হৈছে। ১ নৱেম্বৰৰ ৰামলীলা ময়দানৰ সমাৱেশৰ পৰা বিৰোধী নেতাসকলে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী কৰিছিল।

ৰামলীলা ময়দানৰ সেই সমাৱেশতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা কৰিছিল। এতিয়া ভূপাল আৰু গুজৰাটৰ সমাৱেশৰ জৰিয়তে বিৰোধী মিত্ৰজোঁটে এই প্ৰতিবাদ দিল্লীৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে।