তিনি মাহত ভাৰতৰ পৰা ৩৪.৪ লাখ ভিডিঅ’ আঁতৰালে ইউটিউবে।
নতুন দিল্লী, ২৬ নৱেম্বৰ: নীতি উলংঘনৰ অভিযোগত ভিডিঅ’ আঁতৰোৱাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থানত আছে ভাৰত।
এক তথ্য অনুসৰি, ২০২৬ চনৰ দ্বিতীয় তিনিমাহত ভাৰতত আঁতৰোৱা ভিডিঅ’ৰ সংখ্যা প্ৰথম তিনিমাহৰ তুলনাত ২৮ শতাংশ বৃদ্ধি পাইছে।
বিশ্বজুৰি আঁতৰোৱা ভিডিঅ’সমূহৰ ৬৮.২ শতাংশই শিশু সুৰক্ষা সম্পৰ্কীয় নীতি উলংঘনৰ সৈতে জড়িত আছিল।
ইয়াৰ সমান্তৰালভাৱে ভাৰত চৰকাৰৰ বিভিন্ন সংস্থা আৰু আদালতৰ তৰফৰ পৰা অনলাইন সমল আঁতৰাবলৈ গুগললৈ প্ৰেৰণ কৰা অনুৰোধৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।
newznow.in