নতুন দিল্লী, ২৬ নৱেম্বৰ: নীতি উলংঘনৰ অভিযোগত ভিডিঅ’ আঁতৰোৱাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থানত আছে ভাৰত। ২০২৬ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে মাত্ৰ তিনিটা মাহৰ ভিতৰতে ইউটিউবে ভাৰতৰ পৰা প্ৰায় ৩৪.৪ লাখ ভিডিঅ’ আঁতৰাই পেলাইছে। বিশ্বজুৰি আঁতৰোৱা মুঠ ভিডিঅ’ৰ ভিতৰত প্ৰায় ৩১ শতাংশই ভাৰতৰ।

এক তথ্য অনুসৰি, ২০২৬ চনৰ দ্বিতীয় তিনিমাহত ভাৰতত আঁতৰোৱা ভিডিঅ’ৰ সংখ্যা প্ৰথম তিনিমাহৰ তুলনাত ২৮ শতাংশ বৃদ্ধি পাইছে। এই সময়ছোৱাত সমগ্ৰ বিশ্বতে প্ৰায় ১.১ কোটি ভিডিঅ’ আঁতৰোৱা হয়। তালিকাখনৰ দ্বিতীয় স্থানত থকা আমেৰিকাত ১২.৪ লাখ আৰু তৃতীয় স্থানত থকা ইণ্ডোনেছিয়াত ৯.২ লাখ ভিডিঅ’ আঁতৰোৱা হৈছে।

বিশ্বজুৰি আঁতৰোৱা ভিডিঅ’সমূহৰ ৬৮.২ শতাংশই শিশু সুৰক্ষা সম্পৰ্কীয় নীতি উলংঘনৰ সৈতে জড়িত আছিল। এই সমগ্ৰ প্ৰক্ৰিয়াত স্বয়ংক্ৰিয় চিনাক্তকৰণ ব্যৱস্থাই মুখ্য ভূমিকা লৈছে। মুঠ আঁতৰোৱা ভিডিঅ’ৰ ৯৮.৬ শতাংশই মানুহৰ হস্তক্ষেপ অবিহনে স্বয়ংক্ৰিয় ব্যৱস্থাৰ জৰিয়তে চিনাক্ত কৰা হৈছিল।

ইয়াৰ সমান্তৰালভাৱে ভাৰত চৰকাৰৰ বিভিন্ন সংস্থা আৰু আদালতৰ তৰফৰ পৰা অনলাইন সমল আঁতৰাবলৈ গুগললৈ প্ৰেৰণ কৰা অনুৰোধৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। ২০২৬ চনৰ জানুৱাৰীৰ পৰা জুনলৈকে আগৰ ছমাহৰ তুলনাত এনে অনুৰোধৰ সংখ্যা ৬১ শতাংশ বৃদ্ধি পায়।

এই ছমাহত ভাৰতৰ পৰা গুগলে মুঠ ৪,০০৬টা অনুৰোধ লাভ কৰে। সেই অনুৰোধসমূহত গুগলৰ বিভিন্ন সেৱাৰ ৬৫,০৯১টা সমলৰ কথা উল্লেখ কৰা হৈছিল। অনুৰোধ প্ৰেৰণৰ ক্ষেত্ৰত ৰাছিয়া আৰু দক্ষিণ কোৰিয়াৰ পিছতে তৃতীয় স্থানত আছে ভাৰত। এই সকলোবোৰৰ ভিতৰত ইউটিউবৰ সমল সন্দৰ্ভত সৰ্বাধিক ৩,৩৯৯টা অনুৰোধ লাভ কৰিছিল প্ৰতিষ্ঠানটোৱে।

প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষী সংস্থাসমূহৰ পৰা ২,৮৭০টা আৰু আদালতৰ পৰা ৬৯৫টা অনুৰোধ গুগলে লাভ কৰিছিল। ইয়াৰে ২,১৩০টা অনুৰোধৰ মূল কাৰণ আছিল মানহানিৰ অভিযোগ।

এই অনুৰোধসমূহৰ ভিত্তিত গুগলে ভাৰতীয় আইন উলংঘন কৰাৰ বাবে ১৯,৮৮৩টা সমল আৰু নিজা নীতি উলংঘন কৰাৰ বাবে আন ১,৪১৫টা সমল আঁতৰাই দিয়ে। অৱশ্যে ১৯,৪০২টা সমলৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। আনহাতে, ১৭,৪৭৩টা সমলৰ সন্দৰ্ভত পদক্ষেপ ল’বলৈ পৰ্যাপ্ত তথ্য নাছিল বুলি প্ৰতিষ্ঠানটোৱে জনায়।

ইউটিউবে প্লেটফৰ্মখনৰ নিজা নীতি-নিৰ্দেশনা উলংঘন কৰা ভিডিঅ’সমূহ আঁতৰোৱাৰ বিপৰীতে গুগলে চৰকাৰী সংস্থা আৰু আদালতৰ পৰা অহা নিৰ্দেশনা তথা অনুৰোধৰ ভিত্তিত অনলাইন সমল আঁতৰাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।