অসম

অসমক বিভক্ত কৰি 'বড়োলেণ্ড' গঠনৰ দাবীৰে কোকৰাঝাৰত জন্ম ‘বড়োলেণ্ড ষ্টেট ডিমাণ্ড কমিটি’ৰ

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

পৃথক বড়োলেণ্ডৰ দাবীক পুনৰ সক্ৰিয় কৰিবলৈ কোকৰাঝাৰত গঠন কৰা হৈছে ‘বড়োলেণ্ড ষ্টেট ডিমাণ্ড কমিটি’।

২ / ৫

কোকৰাঝাৰ, ২৬ নৱেম্বৰ: পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীক পুনৰ সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে কোকৰাঝাৰত ‘বড়োলেণ্ড ষ্টেট ডিমাণ্ড কমিটি’ নামৰ এক নতুন সংগঠন গঠন কৰা হৈছে।

৩ / ৫

দেৱৰগাঁৱৰ বড়োলেণ্ড শ্বহীদ সমাধি ক্ষেত্ৰত বড়ো জাতীয় সংগঠন, বুদ্ধিজীৱী আৰু ছাত্ৰ সমাজৰ উদ্যোগত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৪ / ৫

সমিতিখনৰ মূল লক্ষ্য হৈছে পৃথক বড়োলেণ্ডৰ দাবীক এক সংগঠিত ৰূপত আগবঢ়াই নিয়া আৰু জনগোষ্ঠীটোৰ বিভিন্ন অমীমাংসিত বিষয় চৰকাৰৰ দৃষ্টিগোচৰ কৰা।

৫ / ৫

বৈঠকৰ অন্তত আয়োজিত সংবাদমেলত উদ্যোক্তাসকলে জনায় যে কেন্দ্ৰৰ এনডিএ চৰকাৰে বড়োলেণ্ডৰ বিষয়সমূহ পৰীক্ষা কৰি প্ৰতিবেদন দাখিলৰ বাবে জে কে পিল্লাইক দায়িত্ব দি এখন এজনীয়া সমিতি গঠন কৰিছিল।

অসমক বিভক্ত কৰি 'বড়োলেণ্ড' গঠনৰ দাবীৰে কোকৰাঝাৰত জন্ম ‘বড়োলেণ্ড ষ্টেট ডিমাণ্ড কমিটি’ৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক