কোকৰাঝাৰ, ২৬ নৱেম্বৰ: পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীক পুনৰ সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে কোকৰাঝাৰত ‘বড়োলেণ্ড ষ্টেট ডিমাণ্ড কমিটি’ নামৰ এক নতুন সংগঠন গঠন কৰা হৈছে। বড়ো জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া অমীমাংসিত সমস্যা, ৰাজনৈতিক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু সুকীয়া ৰাজ্যৰ দাবীক ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰাৰ উদ্দেশ্যে এই সমিতিখন গঠন কৰা হয়।
দেৱৰগাঁৱৰ বড়োলেণ্ড শ্বহীদ সমাধি ক্ষেত্ৰত বড়ো জাতীয় সংগঠন, বুদ্ধিজীৱী আৰু ছাত্ৰ সমাজৰ উদ্যোগত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত বড়ো নেচনেল ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ বিএনএছইউৰ সভাপতি বনজিৎ মঞ্জিল বসুমতাৰীক নৱগঠিত সমিতিখনৰ অধ্যক্ষ আৰু নৱজ্যোতি স্বৰ্গীয়াৰীক আহ্বায়ক হিচাপে নিৰ্বাচিত কৰা হয়।
সমিতিখনৰ মূল লক্ষ্য হৈছে পৃথক বড়োলেণ্ডৰ দাবীক এক সংগঠিত ৰূপত আগবঢ়াই নিয়া আৰু জনগোষ্ঠীটোৰ বিভিন্ন অমীমাংসিত বিষয় চৰকাৰৰ দৃষ্টিগোচৰ কৰা। এই সমস্যাসমূহ দেশৰ ৰাজধানীত দাঙি ধৰাৰ উদ্দেশ্যে অহা ডিচেম্বৰ মাহত নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ পিছতে সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণেৰে এখন বিশেষ অভিৱৰ্তন অনুষ্ঠিত কৰাৰো পৰিকল্পনা কৰা হৈছে।
বৈঠকৰ অন্তত আয়োজিত সংবাদমেলত উদ্যোক্তাসকলে জনায় যে কেন্দ্ৰৰ এনডিএ চৰকাৰে বড়োলেণ্ডৰ বিষয়সমূহ পৰীক্ষা কৰি প্ৰতিবেদন দাখিলৰ বাবে জে কে পিল্লাইক দায়িত্ব দি এখন এজনীয়া সমিতি গঠন কৰিছিল। উক্ত সমিতিখনৰ কাম-কাজ অতি শীঘ্ৰে পুনৰ সক্ৰিয় কৰাৰ দাবী উত্থাপন কৰাৰ বাবেও নতুন সমিতিখনে সিদ্ধান্ত গ্ৰহণ কৰিছে। সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে এই প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাটো জৰুৰী বুলি উদ্যোক্তাসকলে সদৰী কৰে।