অসমৰ বিত্তীয় চাইবাৰ প্ৰৱঞ্চনা চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত বিহাৰৰ পৰা সপ্তমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে এছটিএফে।
গুৱাহাটী, ২৬ নৱেম্বৰ: অসমৰ বিত্তীয় চাইবাৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত এটা চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানত বিহাৰৰ পৰা সপ্তমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ চমুকৈ এছটিএফে।
এছটিএফৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগুৱে জনোৱা অনুসৰি, এই গোচৰটোৰ সৈতে জড়িত আন ছজন লোকক ইয়াৰ পূৰ্বে যোৱা অক্টোবৰ মাহতে গ্ৰেপ্তাৰ কৰা হৈছিল।
অভিযুক্ত অংকেশ কুমাৰৰ জিম্মাৰ পৰা আৰক্ষীয়ে পাঁচটা ম'বাইল ফোন, চাৰিখন এটিএম কাৰ্ড আৰু কেতবোৰ আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰি জব্দ কৰিছে।
গ্ৰেপ্তাৰ হোৱা অভিযুক্তজনক বিহাৰৰ মতিহাৰী জিলাৰ চাবলপুৰ গাঁৱৰ ২১ বছৰীয়া অংকেশ কুমাৰ ওৰফে ছোটু সিং বুলি চিনাক্ত কৰা হৈছে।এছটিএফৰ সূত্ৰে জানিব পৰা মতে, যোৱা ২৩ নৱেম্বৰত অংকেশ কুমাৰক বিহাৰৰ…
newznow.in