গুৱাহাটী, ২৬ নৱেম্বৰ: অসমৰ বিত্তীয় চাইবাৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত এটা চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানত বিহাৰৰ পৰা সপ্তমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ চমুকৈ এছটিএফে। গ্ৰেপ্তাৰ হোৱা অভিযুক্তজনক বিহাৰৰ মতিহাৰী জিলাৰ চাবলপুৰ গাঁৱৰ ২১ বছৰীয়া অংকেশ কুমাৰ ওৰফে ছোটু সিং বুলি চিনাক্ত কৰা হৈছে।এছটিএফৰ সূত্ৰে জানিব পৰা মতে, যোৱা ২৩ নৱেম্বৰত অংকেশ কুমাৰক বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছতে তেওঁক ট্ৰেনজিট ৰিমাণ্ডত গুৱাহাটীলৈ লৈ অনা হৈছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় হৈ থকা বিত্তীয় চাইবাৰ প্ৰৱঞ্চনা চক্ৰটোৰ সৈতে তেওঁ জড়িত থকাৰ অভিযোগ উঠিছে।
এছটিএফৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগুৱে জনোৱা অনুসৰি, এই গোচৰটোৰ সৈতে জড়িত আন ছজন লোকক ইয়াৰ পূৰ্বে যোৱা অক্টোবৰ মাহতে গ্ৰেপ্তাৰ কৰা হৈছিল। চলি থকা তদন্তৰ অংশ হিচাপে শেহতীয়াকৈ অংকেশ কুমাৰক গ্ৰেপ্তাৰ কৰা হয়। তেওঁক জেৰা কৰি প্ৰৱঞ্চনা চক্ৰটোৰ আন সদস্যসকলৰ সন্ধান উলিওৱাৰ চেষ্টা চলাই থকা হৈছে।
অভিযুক্ত অংকেশ কুমাৰৰ জিম্মাৰ পৰা আৰক্ষীয়ে পাঁচটা ম'বাইল ফোন, চাৰিখন এটিএম কাৰ্ড আৰু কেতবোৰ আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰি জব্দ কৰিছে। এই সামগ্ৰীসমূহৰ পৰা প্ৰৱঞ্চনামূলক বিত্তীয় লেনদেন আৰু চক্ৰটোৰ অন্য সহযোগীসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।
এছটিএফৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জনায় যে প্ৰৱঞ্চক চক্ৰটোৰ সম্পূৰ্ণ নেটৱৰ্ক এতিয়াও সম্পূৰ্ণৰূপে উদ্ঘাটন হোৱা নাই যদিও তদন্তকাৰী দলটোৱে ক্ষিপ্ৰতাৰে কাম কৰি আছে। এই জালিয়াতিৰ প্ৰকৃত পৰিসৰ নিৰ্ণয় কৰাৰ লগতে জড়িত আন ব্যক্তিসকলক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।