ৰাহুল গান্ধীৰ সম্পত্তিৰ তদন্ত সংক্ৰান্তত এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া পূৰ্বৰ নিৰ্দেশ বাতিল কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে।
নতুন দিল্লী, ২৬ নৱেম্বৰ: লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তি থকাৰ অভিযোগত চিবিআই আৰু ইডিক তদন্তৰ নিৰ্দেশ দিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়…
কৰ্ণাটকৰ বিজেপি কৰ্মী শিশিৰ বিগনেশে ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত এলাহাবাদ উচ্চ ন্যায়ালয়ে পূৰ্বে তদন্তৰ নিৰ্দেশ দিছিল।
ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠখনে কয় যে পুনৰ শুনানিৰ সময়ত ৰাহুল গান্ধীয়ে আবেদনখনৰ বিৰুদ্ধে নিজৰ যুক্তি দাঙি ধৰিব পাৰিব।
ৰাহুল গান্ধীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি দিয়ে যে তেওঁৰ মক্কেলৰ বক্তব্য নুশুনাকৈ তদন্তৰ নিৰ্দেশ দিয়াটো আইনৰ নীতিৰ পৰিপন্থী।
newznow.in