নতুন দিল্লী, ২৬ নৱেম্বৰ: লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তি থকাৰ অভিযোগত চিবিআই আৰু ইডিক তদন্তৰ নিৰ্দেশ দিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। বুধবাৰে ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। একে সময়তে ৰাহুল গান্ধীক নিজৰ বক্তব্য দাখিলৰ সুযোগ দি গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিবলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ক নিৰ্দেশ দিয়া হৈছে।

কৰ্ণাটকৰ বিজেপি কৰ্মী শিশিৰ বিগনেশে ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত এলাহাবাদ উচ্চ ন্যায়ালয়ে পূৰ্বে তদন্তৰ নিৰ্দেশ দিছিল। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্ট কৰে যে ৰাহুল গান্ধীক নিজৰ বক্তব্য ৰখাৰ সুযোগ নিদিয়াকৈ একপক্ষীয়ভাৱে সেই নিৰ্দেশ দিয়া হৈছিল, যিয়ে স্বাভাৱিক ন্যায়ৰ নীতি উলংঘা কৰিছে।

ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠখনে কয় যে পুনৰ শুনানিৰ সময়ত ৰাহুল গান্ধীয়ে আবেদনখনৰ বিৰুদ্ধে নিজৰ যুক্তি দাঙি ধৰিব পাৰিব। এনে আবেদন গ্ৰহণযোগ্য হয় নে নহয় আৰু আবেদনকাৰীৰ আবেদন দাখিল কৰাৰ অধিকাৰ আছে নে নাই, সেই বিষয়সমূহো শুনানিত বিবেচনা কৰা হ'ব বুলি আদালতে জনায়।

ৰাহুল গান্ধীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি দিয়ে যে তেওঁৰ মক্কেলৰ বক্তব্য নুশুনাকৈ তদন্তৰ নিৰ্দেশ দিয়াটো আইনৰ নীতিৰ পৰিপন্থী। অৱশ্যে আবেদনখন আন কোনো উচ্চ ন্যায়ালয় বা সৰ্বোচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰাৰ দাবীৰ সন্দৰ্ভত বিচাৰপীঠে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

ইয়াৰ পূৰ্বে ১৭ আগষ্টত সৰ্বোচ্চ ন্যায়ালয়ে চিবিআই, ইডি অথবা আন কোনো তদন্তকাৰী সংস্থাক এলাহাবাদ উচ্চ ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰাত বাধা দিছিল আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত গোচৰৰ কাৰ্যবিধি স্থগিত ৰাখিছিল। চিবিআইৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে আদালতক জনাইছিল যে সংস্থাটোৱে কেৱল অভিযোগটো পৰীক্ষা কৰিছে আৰু এতিয়ালৈকে কোনো আনুষ্ঠানিক তদন্ত আৰম্ভ কৰা নাই।