অসম

ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান: মুম্বাইত শিল্পীসকলৰ আখৰাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ পূৰ্বে মুম্বাইত শিল্পীসকলৰ আখৰাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

২ / ৫

মুম্বাই: বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।

৩ / ৫

মুখ্যমন্ত্ৰীগৰাকীয়ে তাত উপস্থিত শিল্পীসকলৰ সৈতে এক অন্তৰংগ মুহূৰ্তত মিলিত হোৱাৰ লগতে আখৰা আৰু প্ৰস্তুতি সম্পৰ্কে বাৰ্তালাপ কৰে।

৪ / ৫

মুম্বাইৰ এই আখৰাত সংগীত শিল্পী ৰূপম ভূঞা, আচুৰ্য বৰপাত্ৰগোঁহাই, ময়ূখ হাজৰিকা, অনিন্দিতা পাল, ডিক্ষু, জুবলী, মৌচুমী চহৰীয়া, নাহিদ আফ্ৰিন, মনোজ বৰুৱা আৰু ৰূপম তালুকদাৰ উপস্থিত থাকে।

৫ / ৫

ইয়াৰ উপৰি আখৰাত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কবিতা কৃষ্ণমূৰ্তিও উপস্থিত থাকে।

ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান: মুম্বাইত শিল্পীসকলৰ আখৰাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক