মুম্বাই: বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই উপলক্ষে মুম্বাইত অসমৰ লগতে দেশৰ কেইবাগৰাকীও বিশিষ্ট শিল্পী তথা নৱপ্ৰজন্মৰ গায়ক-গায়িকাৰ পূৰ্ণগতিৰ আখৰাত উপস্থিত থাকি তাৰ সাক্ষী হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰীগৰাকীয়ে তাত উপস্থিত শিল্পীসকলৰ সৈতে এক অন্তৰংগ মুহূৰ্তত মিলিত হোৱাৰ লগতে আখৰা আৰু প্ৰস্তুতি সম্পৰ্কে বাৰ্তালাপ কৰে। বলিউডত প্ৰতিষ্ঠা লাভ কৰা অসম সন্তান অনুৰাগ শইকীয়াৰ সংগীত পৰিচালনাত পৰিৱেশন হ'বলগীয়া এই অনুষ্ঠান অতি আকৰ্ষণীয় হ'ব বুলি উল্লেখ কৰা হৈছে।
মুম্বাইৰ এই আখৰাত সংগীত শিল্পী ৰূপম ভূঞা, আচুৰ্য বৰপাত্ৰগোঁহাই, ময়ূখ হাজৰিকা, অনিন্দিতা পাল, ডিক্ষু, জুবলী, মৌচুমী চহৰীয়া, নাহিদ আফ্ৰিন, মনোজ বৰুৱা আৰু ৰূপম তালুকদাৰ উপস্থিত থাকে।

ইয়াৰ উপৰি আখৰাত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কবিতা কৃষ্ণমূৰ্তিও উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত কণ্ঠশিল্পীগৰাকীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ কথা সোঁৱৰে। ভূপেন হাজৰিকাই কেনেকৈ তেওঁক চাৰিটা শাৰী গাবলৈ দি বলিউডত সুযোগ প্ৰদান কৰিছিল, সেই অভিজ্ঞতাৰ কথা তেওঁ উল্লেখ কৰে।
২৯ নৱেম্বৰৰ অনুষ্ঠানত কবিতা কৃষ্ণমূৰ্তিয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত 'বিমূৰ্ত মোৰ নিশাটি'ৰ হিন্দী সংস্কৰণ 'গুমছুম' গীতটি পৰিৱেশন কৰিব। পূৰ্বে 'দমন' নামৰ কথাছবিখনৰ এই গীতটোত তেওঁ কণ্ঠদান কৰিছিল।