নিৰ্বাচনত পৰাজয়ৰ পিছত ৰাহুল গান্ধীয়ে সাংবিধানিক প্ৰতিষ্ঠানসমূহক দোষাৰোপ কৰা বুলি অভিযোগ তোলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
নতুন দিল্লী, ২৬ নৱেম্বৰ: সংবিধান দিৱসৰ এক অনুষ্ঠানত অংশ লৈ কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
বৃহস্পতিবাৰে সংবিধান দিৱস উপলক্ষে আয়োজিত আলোচনা-সভাত ভাষণ প্ৰদান কৰি অমিত শ্বাহে কয় যে ৰাহুল গান্ধীয়ে সংসদত বিতৰ্ক নকৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাহে কয়।
কংগ্ৰেছৰ শাসনকালৰ জৰুৰীকালীন অৱস্থাৰ কথা সোঁৱৰাই দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ১৮ মাহজোৰা সেই সময়ছোৱাত সংবিধান প্ৰদত্ত স্বাধীনতা আৰু অধিকাৰসমূহ সংকুচিত কৰা হৈছিল।
ভাষণ প্ৰসংগত ২০৪৭ চনত দেশৰ স্বাধীনতাৰ শতবৰ্ষ উদযাপনৰ লক্ষ্যৰ কথাও উল্লেখ কৰে অমিত শ্বাহে।
newznow.in