নতুন দিল্লী, ২৬ নৱেম্বৰ: সংবিধান দিৱসৰ এক অনুষ্ঠানত অংশ লৈ কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ‘নাচিব নাজানিলে চোতালখন বেঁকা’ প্ৰবাদৰ উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে ৰাহুল গান্ধীয়ে সংবিধানৰ কথা কয় যদিও সংবিধানৰ দ্বাৰা প্ৰতিষ্ঠিত অনুষ্ঠান-প্ৰতিষ্ঠানসমূহক অহৰহ আক্ৰমণ কৰি আহিছে। ধাৰাবাহিক নিৰ্বাচনী পৰাজয়ৰ পিছত কংগ্ৰেছ নেতাজনে নিজৰ বিফলতাৰ বাবে আনক দোষ দিছে বুলি তেওঁ কয়।
বৃহস্পতিবাৰে সংবিধান দিৱস উপলক্ষে আয়োজিত আলোচনা-সভাত ভাষণ প্ৰদান কৰি অমিত শ্বাহে কয় যে ৰাহুল গান্ধীয়ে সংসদত বিতৰ্ক নকৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাহে কয়। নিৰ্বাচন আয়োগ আৰু ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াক কংগ্ৰেছে সমালোচনা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে বিদেশ ভ্ৰমণৰ সময়তো কংগ্ৰেছ নেতাজনে দেশৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰিছে।
কংগ্ৰেছৰ শাসনকালৰ জৰুৰীকালীন অৱস্থাৰ কথা সোঁৱৰাই দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ১৮ মাহজোৰা সেই সময়ছোৱাত সংবিধান প্ৰদত্ত স্বাধীনতা আৰু অধিকাৰসমূহ সংকুচিত কৰা হৈছিল। সেই সময়ত সংবিধানৰ মূল আদৰ্শক অন্ধকাৰ কোঠাত বন্দী কৰি ৰখাৰ অভিযোগ তুলি শ্বাহে ৰাহুল গান্ধীৰ সংবিধান সম্পৰ্কীয় স্থিতিৰ ওপৰত প্ৰশ্ন তোলে।
ভাষণ প্ৰসংগত ২০৪৭ চনত দেশৰ স্বাধীনতাৰ শতবৰ্ষ উদযাপনৰ লক্ষ্যৰ কথাও উল্লেখ কৰে অমিত শ্বাহে। তেওঁ কয় যে দেশৰ উদ্দেশ্য কোনো এজন ৰাজনৈতিক নেতাক মহান কৰা নহয়, বৰঞ্চ ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাহে। সংসদত এগৰাকী কংগ্ৰেছ নেতাৰ সৈতে হোৱা কথা-বতৰা উল্লেখ কৰি তেওঁ কয় যে ২০৪৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক’ত থাকিব সেয়া ডাঙৰ কথা নহয়, বৰঞ্চ সেই সময়ত দেশে কি স্থান লাভ কৰিব সেয়াহে মূল লক্ষ্য।
গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সংবিধান প্ৰণেতাসকলে জনসাধাৰণক চৰকাৰ নিৰ্বাচনৰ অধিকাৰ দিয়াৰ লগতে শাসনত থকাসকলক সংবিধানৰ সীমাৰ ভিতৰত থাকি দেশ পৰিচালনা কৰাৰ দায়িত্বও অৰ্পণ কৰিছিল। এই অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আন বিশিষ্ট ব্যক্তিসকলৰ সৈতে অমিত শ্বাহে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাই দেশৰ সংবিধান গ্ৰহণ কৰিছিল আৰু সেই উপলক্ষে প্ৰতি বছৰে এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰা হয়।