অসমৰ কেইবাটাও অঞ্চলত ২৬ নৱেম্বৰৰ পৰা একেৰাহে তিনি দিন ঘন কুঁৱলী পৰাৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
গুৱাহাটী, ২৬ নৱেম্বৰ: অসমৰ বিভিন্ন প্ৰান্তত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।
গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২৫ নৱেম্বৰত প্ৰকাশ কৰা বতৰৰ বিশেষ বুলেটিন অনুসৰি, ২৬ আৰু ২৭ নৱেম্বৰত চুবুৰীয়া মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰো একাংশ অঞ্চলত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে।
ইয়াৰ উপৰি বতৰ বিজ্ঞান বিভাগে আগন্তুক পাঁচ দিন সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে শুকান বতৰ অব্যাহত থাকিব বুলি পূৰ্বানুমান কৰিছে।
শেহতীয়া বতৰৰ তথ্য অনুসৰি, অসমৰ মৰাণহাটত ২ ছেণ্টিমিটাৰ বৰষুণ হৈছে।
newznow.in