গুৱাহাটী, ২৬ নৱেম্বৰ: অসমৰ বিভিন্ন প্ৰান্তত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। বিভাগটোৰ তথ্য অনুসৰি, ২৬ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈকে ৰাজ্যৰ কেইবাখনো ঠাইত একেৰাহে তিনি দিন ঘন কুঁৱলী পৰিব পাৰে। বিশেষকৈ ৰাজ্যখনৰ বিচ্ছিন্ন অঞ্চলসমূহত এই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২৫ নৱেম্বৰত প্ৰকাশ কৰা বতৰৰ বিশেষ বুলেটিন অনুসৰি, ২৬ আৰু ২৭ নৱেম্বৰত চুবুৰীয়া মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰো একাংশ অঞ্চলত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। ২৮ নৱেম্বৰতো অসম আৰু ত্ৰিপুৰাত এই সতৰ্কবাণী বাহাল থাকিব বুলি বিভাগে জনাইছে। অৱশ্যে ২৯ আৰু ৩০ নৱেম্বৰৰ বাবে বৰ্তমান কোনো সতৰ্কবাণী দিয়া হোৱা নাই।

ইয়াৰ উপৰি বতৰ বিজ্ঞান বিভাগে আগন্তুক পাঁচ দিন সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে শুকান বতৰ অব্যাহত থাকিব বুলি পূৰ্বানুমান কৰিছে। অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত এই সময়ছোৱাত বৰষুণৰ কোনো সম্ভাৱনা নাই। কিন্তু এই আটাইকেইখন ৰাজ্যৰ বিভিন্ন অঞ্চলত পাতলীয়াৰ পৰা মধ্যমীয়া কুঁৱলী দেখা যাব পাৰে।

শেহতীয়া বতৰৰ তথ্য অনুসৰি, অসমৰ মৰাণহাটত ২ ছেণ্টিমিটাৰ বৰষুণ হৈছে। একেদৰে নাগালেণ্ডৰ ক'হিমা আৰু ছেচুৰ লগতে মণিপুৰৰ ইম্ফল বিমানবন্দৰত ১ ছেণ্টিমিটাৰকৈ বৰষুণ ৰেকৰ্ড কৰা হৈছে।

ঘন কুঁৱলীৰ ফলত পুৱাৰ ভাগত দৃশ্যমানতা যথেষ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে। সেয়েহে সতৰ্কবাণী থকা অঞ্চলসমূহত পথত যান-বাহন চলাচল কৰোঁতে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।