ডিগবৈ চহৰৰ লাচিত নগৰ এতিয়া যেন এখন মুকলি ডাম্পিং গ্ৰাউণ্ড।
লাচিত নগৰলৈ সোমোৱা পথছোৱাৰ কাষৰ খালী মাটিডোখৰত একাংশ লোকে দীৰ্ঘদিন ধৰি লুকাই-চুৰকৈ জাবৰ পেলাই অহাৰ ফলত সমগ্ৰ অঞ্চলটোত অসহনীয় পৰিবেশৰ সৃষ্টি হৈছে।
জাবৰ পেলোৱা ঠাইডোখৰৰ কাষতে অৱস্থিত আৰ ডি জুনিয়ৰ কলেজ, কলেজখনৰ ছাত্ৰাবাস আৰু বহু কেইটা বাসগৃহ।
প্ৰতিদিনে শ শ ছাত্ৰ-ছাত্ৰী, শিক্ষক- কৰ্মচাৰী আৰু স্থানীয় ৰাইজে গেলাপচা জাবৰৰ দুৰ্গন্ধৰ মাজেৰে নাকত ৰুমাল দি অহা-যোৱা কৰিবলগীয়া হৈছে।
জাবৰ নেপেলাবলৈ বিভিন্ন সময়ত ঠাইডোখৰত জাননী আঁৰি থোৱা হৈছিল যদিও একাংশ লোকে সেই নিৰ্দেশনা আওকাণ কৰিয়েই পৰিবেশ বিনষ্ট কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ উৎত্থাপন কৰিছে।
newznow.in