ডিগবৈ চহৰৰ লাচিত নগৰ এতিয়া যেন এখন মুকলি ডাম্পিং গ্ৰাউণ্ড। লাচিত নগৰলৈ সোমোৱা পথছোৱাৰ কাষৰ খালী মাটিডোখৰত একাংশ লোকে দীৰ্ঘদিন ধৰি লুকাই-চুৰকৈ জাবৰ পেলাই অহাৰ ফলত সমগ্ৰ অঞ্চলটোত অসহনীয় পৰিবেশৰ সৃষ্টি হৈছে। জাবৰ পেলোৱা ঠাইডোখৰৰ কাষতে অৱস্থিত আৰ ডি জুনিয়ৰ কলেজ, কলেজখনৰ ছাত্ৰাবাস আৰু বহু কেইটা বাসগৃহ। প্ৰতিদিনে শ শ ছাত্ৰ-ছাত্ৰী, শিক্ষক- কৰ্মচাৰী আৰু স্থানীয় ৰাইজে গেলাপচা জাবৰৰ দুৰ্গন্ধৰ মাজেৰে নাকত ৰুমাল দি অহা-যোৱা কৰিবলগীয়া হৈছে। জাবৰ নেপেলাবলৈ বিভিন্ন সময়ত ঠাইডোখৰত জাননী আঁৰি থোৱা হৈছিল যদিও একাংশ লোকে সেই নিৰ্দেশনা আওকাণ কৰিয়েই পৰিবেশ বিনষ্ট কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ উৎত্থাপন কৰিছে। ডিগবৈ পৌৰসভাই নগৰখনৰ দহোটা ৱাৰ্ডৰে পৰা মাহিলী মাত্ৰ ৪০-৫০ টকাৰ বিনিময়ত ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ ব্যৱস্থা কৰি ৰাখিছে। তাৰ পিছতো একাংশ লোকে সেই সামান্য মাচুল দিবলৈ অপাৰগতা প্ৰকাশ কৰি মুকলি ঠাইত জাবৰ পেলাই জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।লাচিত নগৰৰ মাজেৰে যোৱা ৰাজহুৱা নলাটোত একাংশ বাসিন্দাই দীৰ্ঘদিন ধৰি জাবৰ পেলাই আহিছে। ফলত বাৰিষা এজাক বৰষুণ দিলেই নলা উপচি কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। নলাৰ লেতেৰা পানী বহু সময়ত বাসগৃহ সমূহত সোমাই আচবাব নষ্ট কৰাৰ উদাহৰণ সৰ্বজনবিদিত। লাচিত নগৰ উন্নয়ন সমিতি আৰু সচেতন নাগৰিকে এই বিষয়ে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো একাংশ লোকে কু-অভ্যাস ত্যাগ নকৰাৰ বাবে অঞ্চলবাসীয়ে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। ডিগবৈ পৌৰসভাই স্বচ্ছ অভিযানৰ অধীনত নগৰখন চাফ-চিকুণ কৰি ৰাখিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে যদিও একাংশ লোকৰ এনে কাৰ্যৰ বাবে নগৰখনৰ সৌন্দৰ্য ম্লান পৰিছে। এই পৰিপ্ৰেক্ষিতত স্থানীয় সচেতন মহলে ডিগবৈ পৌৰসভাক জাবৰ পেলোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অঞ্চলটোত চিচি কেমেৰা সংস্থাপন কৰিবলৈ আহ্বান জনাইছে।