অনুমতি অবিহনে প্ৰতিবাদ কৰাৰ অভিযোগত চিজেপিৰ তিনি শীৰ্ষ নেতাৰ বিদেশ যাত্ৰা ৰোধ কৰিবলৈ লুকআউট চাৰ্কুলাৰ জাৰি কৰিলে মুম্বাই আৰক্ষীয়ে।
মুম্বাই, ২৭ নৱেম্বৰ: ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিৰ তিনিগৰাকী শীৰ্ষ নেতাৰ বিৰুদ্ধে লুকআউট চাৰ্কুলাৰ জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা মুম্বাইত চিজেপিয়ে প্ৰশাসনৰ অনুমতি নোলোৱাকৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
ৰুজু হোৱা গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ১৮৯ আৰু ২২৩ ধাৰাৰ লগতে মহাৰাষ্ট্ৰ আৰক্ষী আইনৰ ৩৭ আৰু ১৩৫ ধাৰা সন্নিৱিষ্ট কৰা হৈছে।
ইপিনে চিজেপি নেতা সৌৰভ দাসৰ বিৰুদ্ধে জাৰি কৰা লুকআউট চাৰ্কুলাৰৰ বিষয়টো ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয় পাইছে।
newznow.in