মুম্বাই, ২৭ নৱেম্বৰ: ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিৰ তিনিগৰাকী শীৰ্ষ নেতাৰ বিৰুদ্ধে লুকআউট চাৰ্কুলাৰ জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে। দলটোৰ সভাপতি অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ বিৰুদ্ধে আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। সংশ্লিষ্ট নেতাসকলে যাতে দেশ এৰি যাব নোৱাৰে, সেই উদ্দেশ্যে এই নিৰ্দেশনা জাৰি কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা মুম্বাইত চিজেপিয়ে প্ৰশাসনৰ অনুমতি নোলোৱাকৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এই ঘটনা সন্দৰ্ভত ৩ অক্টোবৰত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে। গোচৰটোত তিনি শীৰ্ষ নেতাৰ লগতে দলটোৰ প্ৰায় ৪০০ৰো অধিক কৰ্মীৰ নাম সন্নিৱিষ্ট কৰা হৈছে।
ৰুজু হোৱা গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ১৮৯ আৰু ২২৩ ধাৰাৰ লগতে মহাৰাষ্ট্ৰ আৰক্ষী আইনৰ ৩৭ আৰু ১৩৫ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। এই ধাৰাসমূহ মূলতঃ বেআইনী সমাৱেশ, চৰকাৰী বিষয়াৰ বৈধ নিৰ্দেশ অমান্য কৰা আৰু আৰক্ষীৰ নিষেধাজ্ঞা উলংঘনৰ সৈতে জড়িত।
ইপিনে চিজেপি নেতা সৌৰভ দাসৰ বিৰুদ্ধে জাৰি কৰা লুকআউট চাৰ্কুলাৰৰ বিষয়টো ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয় পাইছে। যোৱা ২৩ নৱেম্বৰত ব্ৰিটেইনৰ এক অনুষ্ঠানত অংশ ল’বলৈ যোৱাৰ সময়ত দিল্লী বিমানবন্দৰত দাসক বিদেশ যাত্ৰাত বাধা প্ৰদান কৰা হৈছিল। ইয়াৰ পিছতে নেতাগৰাকীয়ে আদালতৰ দ্বাৰস্থ হয়। মহাৰাষ্ট্ৰ আৰক্ষীৰ অনুৰোধমৰ্মে এই জাননী জাৰি কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়ে আদালতক জনায়।