সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকাবন্ধৰ দ্বিতীয় দিনা তিনিচুকীয়াত বাণিজ্যিক বাহনৰ চলাচল ব্যাহত হোৱাত যাত্ৰীসকল চৰম দুৰ্ভোগত পৰিছে।
অসমত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ (AAMTA) আহ্বানত আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন চকা বন্ধৰ আজি দ্বিতীয় দিন, আৰু তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ সৰ্বাত্মক প্ৰভাৱ অব্যাহত আছে।
সদৌ অসম মটৰ পৰিবহণ সন্থাৰ আহ্বানত ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন চকাবন্ধৰ দ্বিতীয় দিনা তিনিচুকীয়াত তীব্ৰ প্ৰভাৱ পৰিছে।
চকাবন্ধৰ ফলত জিলাখনত স্বাভাৱিক বাছ সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।
পৰিবহণ সেৱা ব্যাহত হোৱাৰ সুযোগ লৈ একাংশ টেক্সি চালকে যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।
newznow.in