তিনিচুকীয়া:

অসমত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ (AAMTA) আহ্বানত আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন চকা বন্ধৰ আজি দ্বিতীয় দিন, আৰু তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ সৰ্বাত্মক প্ৰভাৱ অব্যাহত আছে।

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ আহ্বানত ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন চকাবন্ধৰ দ্বিতীয় দিনা তিনিচুকীয়াত তীব্ৰ প্ৰভাৱ পৰিছে। ৰাজপথত বাণিজ্যিক বাহনৰ চলাচল যথেষ্ট হ্ৰাস পোৱাৰ ফলত সাধাৰণ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

চকাবন্ধৰ ফলত জিলাখনত স্বাভাৱিক বাছ সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ইয়াৰ ফলত নিতৌ বিভিন্ন কাম-কাজৰ বাবে যাতায়াত কৰা কৰ্মচাৰীসকলৰ লগতে শিক্ষানুষ্ঠানলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলো চৰম অসুবিধাৰ সন্মুখীন হৈছে। তিনিচুকীয়া চহৰৰ ৰাজপথত বাছ, টেক্সি, অটো-ৰিক্সা আদি বাণিজ্যিক বাহনৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰিছে, যাৰ ফলত দৈনিক যাত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু কাৰ্যালয়লৈ যোৱা লোকসকল চৰম অসুবিধাৰ সন্মুখীন হৈছে।

পৰিবহণ সেৱা ব্যাহত হোৱাৰ সুযোগ লৈ একাংশ টেক্সি চালকে যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। টেক্সি চালকসকলৰ এনে কাৰ্যত যাত্ৰীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

উল্লেখ্য যে এছএলডি আৰু ভিএলটিডি যন্ত্ৰ বাধ্যতামূলক কৰাৰ বিৰোধিতা, কৰ আৰু জৰিমনা হ্ৰাস কৰা, ইন্ধনৰ মূল্য কমোৱা আৰু অবৈধ টোল গেট বন্ধ কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত পৰিবহণ সন্থাটোৱে এই অনিৰ্দিষ্টকালীন চকাবন্ধৰ আহ্বান জনাইছে।

চকাবন্ধৰ দ্বিতীয় দিনাও পৰিস্থিতি স্বাভাৱিক নোহোৱাত সাধাৰণ ৰাইজৰ যাতায়াতৰ সমস্যা অব্যাহত আছে। এতিয়া ৰাজ্য চৰকাৰ আৰু পৰিবহণ সংগঠনৰ মাজত আলোচনামৰ্মে এই অচলাৱস্থাৰ কেতিয়া অন্ত পৰে, তালৈ সকলোৱে অপেক্ষা কৰিছে।