২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ লক্ষ্যৰে নতুন দিল্লীৰ পূষা চৌহদত বিজেপিয়ে দুদিনীয়া কাৰ্যসূচীৰে এক গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে।
আগন্তুক ২০২৭ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি সাংগঠনিক প্ৰস্তুতি আৰু নিৰ্বাচনী ৰণনীতি নিৰ্ধাৰণৰ উদ্দেশ্যে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে।
দলৰ এই গুৰুত্বপূৰ্ণ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন উপস্থিত থাকে।
২০২৭ চনৰ বিধানসভা নিৰ্বাচনসমূহৰ প্ৰস্তুতিয়েই এই বৈঠকৰ মূল বিষয়বস্তু হিচাপে স্থান পাইছে।
২৭ নৱেম্বৰৰ বিয়লিৰ পৰা আৰম্ভ হোৱা এই দুদিনীয়া বৈঠকত মুঠ পাঁচটা অধিৱেশন অনুষ্ঠিত হয়।
newznow.in