নতুন দিল্লী:
আগন্তুক ২০২৭ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি সাংগঠনিক প্ৰস্তুতি আৰু নিৰ্বাচনী ৰণনীতি নিৰ্ধাৰণৰ উদ্দেশ্যে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। ২৭ আৰু ২৮ নৱেম্বৰত দিল্লীৰ পূষা চৌহদত এই দুদিনীয়া বৈঠকখন অনুষ্ঠিত হয়।বিজেপিৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যালয়বাহী বৈঠকক লৈ দিল্লীৰ পুছা কেম্পাছত ব্যাপক প্ৰস্তুতি। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব বৈঠক।
শীৰ্ষ নেতৃত্বৰ অংশগ্ৰহণ
দলৰ এই গুৰুত্বপূৰ্ণ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন উপস্থিত থাকে। ইয়াৰ উপৰি দলটোৰ প্ৰায় ১০৭ গৰাকী ৰাষ্ট্ৰীয় পদাধিকাৰী, বিভিন্ন ৰাজ্যৰ ৰাজ্যিক সভাপতি, ৰাজ্যিক তত্ত্বাৱধায়ক আৰু সাংগঠনিক সম্পাদকসকলেও বৈঠকত অংশগ্ৰহণ কৰে।
নিৰ্বাচনী ৰণনীতি আৰু দলীয় ভেটি সুদৃঢ় কৰাৰ আলোচনা
২০২৭ চনৰ বিধানসভা নিৰ্বাচনসমূহৰ প্ৰস্তুতিয়েই এই বৈঠকৰ মূল বিষয়বস্তু হিচাপে স্থান পাইছে। নিৰ্বাচনৰ সম্ভাব্য প্ৰত্যাহ্বানৰ মোকাবিলা কৰা, দলীয় ভেটি অধিক সুদৃঢ় কৰা আৰু সাংগঠনিক কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনাৰ সন্দৰ্ভত বৈঠকত বিস্তৃত আলোচনা কৰা হয়।
২৭ নৱেম্বৰৰ বিয়লিৰ পৰা আৰম্ভ হোৱা এই দুদিনীয়া বৈঠকত মুঠ পাঁচটা অধিৱেশন অনুষ্ঠিত হয়। বৈঠকৰ অন্তত আগন্তুক নিৰ্বাচনসমূহৰ প্ৰস্তুতিৰ পৰৱৰ্তী পদক্ষেপ আৰু অগ্ৰাধিকাৰসমূহ নিৰ্ধাৰণ কৰা হ'ব।