চৰকাৰৰ সৈতে আলোচনা ব্যৰ্থ হোৱাৰ পাছত অসমত বাণিজ্যিক বাহনৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছে আমটাই।
গুৱাহাটী, ২৬ নৱেম্বৰ: চৰকাৰৰ সৈতে হোৱা আলোচনাত দাবীসমূহ সমাধানৰ ক্ষেত্ৰত কোনো চূড়ান্ত সিদ্ধান্ত নোলোৱাত অসমত বাণিজ্যিক পৰিবহণ সেৱাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত থাকিব।
বৃহস্পতিবাৰে দুপৰীয়া ১ বজাত গুৱাহাটীৰ জনতা ভৱনত পৰিবহণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আমটাৰ প্ৰতিনিধিৰ এখন বৈঠক অনুষ্ঠিত হয়।
সংগঠনটোৰ মূল দাবীসমূহৰ ভিতৰত আছে বাহনত সংস্থাপন কৰা ভিএলটিডি (ভেহিকেল লোকেচন ট্ৰেকিং ডিভাইচ) আৰু এছএলডি (স্পীড লিমিটিং ডিভাইচ) সম্পৰ্কীয় নিয়মৰ সংশোধন, পাৰ্মিট আৰু ফিটনেছ প্ৰমাণপত্ৰৰ…
ইয়াৰ উপৰি এছএলডি আৰু ভিএলটিডিৰ প্ৰমাণপত্ৰ নবীকৰণৰ সময়সীমা বৃদ্ধি, ই-চালানৰ বিৰুদ্ধে স্বচ্ছ অভিযোগ নিষ্পত্তি ব্যৱস্থা, প্ৰতিখন জিলাত পৰিবহণ আপীল ন্যায়াধিকৰণ স্থাপন আৰু ফিটনেছ প্ৰমাণপত্ৰ…
newznow.in