গুৱাহাটী, ২৬ নৱেম্বৰ: চৰকাৰৰ সৈতে হোৱা আলোচনাত দাবীসমূহ সমাধানৰ ক্ষেত্ৰত কোনো চূড়ান্ত সিদ্ধান্ত নোলোৱাত অসমত বাণিজ্যিক পৰিবহণ সেৱাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত থাকিব। অল আছাম মটৰ ট্ৰেন্সপ’ৰ্ট এছ’চিয়েচনে (আমটা) চৰকাৰৰ পৰা লিখিত প্ৰতিশ্ৰুতি লাভ নকৰালৈকে এই ধৰ্মঘট প্ৰত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিছে।

বৃহস্পতিবাৰে দুপৰীয়া ১ বজাত গুৱাহাটীৰ জনতা ভৱনত পৰিবহণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আমটাৰ প্ৰতিনিধিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰিবহণ আয়ুক্ত তথা সচিব আকাশ দীপৰ লগতে বিভাগৰ অন্যান্য বিষয়াসকলো উপস্থিত আছিল। সংগঠনটোৰ ছটা দাবী সমাধানৰ আশ্বাস বিভাগে প্ৰদান কৰে যদিও কেৱল মৌখিক আশ্বাসত সন্তুষ্ট নহ'ল পৰিবহণ ব্যৱসায়ীসকল। চৰকাৰে লিখিতভাৱে প্ৰতিশ্ৰুতি নিদিয়ালৈকে আন্দোলন অব্যাহত থাকিব বুলি তেওঁলোকে স্থিতি গ্ৰহণ কৰে।

সংগঠনটোৰ মূল দাবীসমূহৰ ভিতৰত আছে বাহনত সংস্থাপন কৰা ভিএলটিডি (ভেহিকেল লোকেচন ট্ৰেকিং ডিভাইচ) আৰু এছএলডি (স্পীড লিমিটিং ডিভাইচ) সম্পৰ্কীয় নিয়মৰ সংশোধন, পাৰ্মিট আৰু ফিটনেছ প্ৰমাণপত্ৰৰ সমস্যা সমাধান কৰা। ঘাইপথত জেকৰ সহায়ত বাহনৰ চকা ওপৰলৈ তুলি এছএলডি পৰীক্ষা কৰাৰ প্ৰথা বন্ধ কৰাৰ বাবেও সংগঠনটোৱে দাবী জনাইছে। একেখন বাহনৰ বিৰুদ্ধে ৩০টালৈকে ই-চালান জাৰি কৰাৰ অভিযোগ তুলি এনে গোচৰ আদালতলৈ প্ৰেৰণ কৰাৰো দাবী জনোৱা হয়।

ইয়াৰ উপৰি এছএলডি আৰু ভিএলটিডিৰ প্ৰমাণপত্ৰ নবীকৰণৰ সময়সীমা বৃদ্ধি, ই-চালানৰ বিৰুদ্ধে স্বচ্ছ অভিযোগ নিষ্পত্তি ব্যৱস্থা, প্ৰতিখন জিলাত পৰিবহণ আপীল ন্যায়াধিকৰণ স্থাপন আৰু ফিটনেছ প্ৰমাণপত্ৰ তথা পাৰ্মিট নবীকৰণৰ প্ৰক্ৰিয়া সৰল কৰাৰ দাবী উত্থাপন কৰে আমটাই। গুৱাহাটীত এছএলডি সংস্থাপনৰ বাবে মাত্ৰ এটা কেন্দ্ৰ আৰু এটা সংস্থা থকাৰ বিষয়টোও সংগঠনটোৱে উত্থাপন কৰে। ৰাজ্যত বাহনৰ ফিটনেছ পৰীক্ষা কেন্দ্ৰৰ অভাৱ, বাণিজ্যিক বাহনৰ পাৰ্কিঙৰ অসুবিধা, বৃদ্ধি পোৱা কৰ আৰু মাচুলৰ পৰা সকাহ, ২০ বছৰৰ অধিক পুৰণি বাণিজ্যিক বাহনৰ স্ক্ৰেপিং নীতিৰ স্পষ্টতা আৰু পৰিবহণ আন্তঃগাঁথনি উন্নত কৰাৰো দাবী জনায় সংগঠনটোৱে।

উল্লেখ্য যে যোৱা ২২ নৱেম্বৰত অনুষ্ঠিত আমটাৰ অধিৱেশনত এই ছটা দাবী উত্থাপন কৰি চৰকাৰক নিৰ্ধাৰিত সময়সীমা বান্ধি দিয়া হৈছিল। সেই দাবীসমূহ পূৰণ নোহোৱাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ধৰ্মঘট অব্যাহত থকাৰ বাবে ৰাজ্যজুৰি বাণিজ্যিক পৰিবহণ সেৱা ব্যাহত হৈ পৰিছে।