‘সংবিধান ৰক্ষা মাৰ্চ’ৰ প্ৰস্তুতি সভা বাতিল কৰাৰ অভিযোগত কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰণজিৎ চৌধুৰীলৈ প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।
গুৱাহাটী, ২৭ নৱেম্বৰ: ‘সংবিধান ৰক্ষা মাৰ্চ’ৰ প্ৰস্তুতি সভা বাতিল কৰাক লৈ কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰণজিৎ চৌধুৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
কিন্তু কোনো উপযুক্ত কাৰণ অবিহনেই কামৰূপ জিলা কংগ্ৰেছৰ উক্ত সভাখন হঠাতে বাতিল কৰা হয় বুলি জাননীত অভিযোগ কৰা হৈছে।
সংবিধান দিৱস উপলক্ষে ২৬ নৱেম্বৰত কংগ্ৰেছে দেশজুৰি ‘সংবিধান ৰক্ষা মাৰ্চ’ কাৰ্যসূচী ৰূপায়ণ কৰে।
জাননী লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত তেওঁক লিখিতভাৱে স্পষ্টীকৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
newznow.in