গুৱাহাটী, ২৭ নৱেম্বৰ: ‘সংবিধান ৰক্ষা মাৰ্চ’ৰ প্ৰস্তুতি সভা বাতিল কৰাক লৈ কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰণজিৎ চৌধুৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। জাননী লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত তেওঁক লিখিতভাৱে স্পষ্টীকৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ২৬ নৱেম্বৰত জাৰি কৰা জাননী অনুসৰি, গুৱাহাটীত ২৪ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ‘সংবিধান ৰক্ষা মাৰ্চ’ৰ প্ৰস্তুতিৰ বাবে কামৰূপ জিলা কংগ্ৰেছৰ এখন সভা নিৰ্ধাৰণ কৰা হৈছিল। নিখিল ভাৰত কংগ্ৰেছ কমিটী (এআইচিচি)ৰ নিৰ্দেশনাত এই কাৰ্যসূচীৰ প্ৰস্তুতি চলোৱা হৈছিল আৰু এআইচিচিৰ সচিব মনোজ চৌহানে বিভিন্ন জিলা কংগ্ৰেছ কমিটীৰ সৈতে বৈঠকৰ জৰিয়তে দলীয় কৰ্মী-সমৰ্থকৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ দায়িত্বত আছিল।

কিন্তু কোনো উপযুক্ত কাৰণ অবিহনেই কামৰূপ জিলা কংগ্ৰেছৰ উক্ত সভাখন হঠাতে বাতিল কৰা হয় বুলি জাননীত অভিযোগ কৰা হৈছে। এই বিষয়টো প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে তেওঁ অসন্তুষ্টি ব্যক্ত কৰে। দলীয় নিৰ্দেশনা অমান্য কৰা আৰু কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত প্ৰণজিৎ চৌধুৰীৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব, তাৰ উত্তৰ বিচাৰি জাননী জাৰি কৰা হৈছে।

সংবিধান দিৱস উপলক্ষে ২৬ নৱেম্বৰত কংগ্ৰেছে দেশজুৰি ‘সংবিধান ৰক্ষা মাৰ্চ’ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিখন ৰাজ্যৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে নিজ নিজ ৰাজ্যিক কাৰ্যালয়ত এই কাৰ্যসূচী গ্ৰহণ কৰিছিল। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই লক্ষ্ণৌত অনুষ্ঠিত মূল কাৰ্যসূচীত অংশ লৈ সংবিধানৰ ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শ ৰক্ষাৰ সংকল্প ঘোষণা কৰে।