সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰোৱাৰ বাবে সংখ্যাৰ অংকত ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।
নতুন দিল্লী, ২৭ নৱেম্বৰ: সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণ বিধেয়কক কেন্দ্ৰ কৰি সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে দেশৰ ৰাজনৈতিক মহলত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে।
বৰ্তমান লোকসভাত বিধেয়কখন গৃহীত কৰিবলৈ ৩৬০টা ভোটৰ প্ৰয়োজন।
ইয়াৰ মাজতে শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া ৪.৩০ বজাত বিৰোধী দলসমূহেও বিশেষ অধিৱেশনৰ কৌশল প্ৰস্তুত কৰিবলৈ বৈঠকত মিলিত হোৱাৰ কথা।
কংগ্ৰেছসহ বিৰোধী দলসমূহে মহিলা সংৰক্ষণক সমষ্টি পুনৰ নিৰ্ধাৰণৰ চৰ্তৰ পৰা পৃথক কৰি বৰ্তমানৰ ৫৪৩খন আসনৰ লোকসভাতে ৩৩ শতাংশ সংৰক্ষণ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ দাবী জনাইছে।
newznow.in