নতুন দিল্লী, ২৭ নৱেম্বৰ: সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণ বিধেয়কক কেন্দ্ৰ কৰি সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে দেশৰ ৰাজনৈতিক মহলত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে। ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া বিশেষ অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে সংবিধান সংশোধনী বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনা আছে। বিধেয়কখন গৃহীত কৰিবলৈ প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভৰ লক্ষ্যৰে চৰকাৰী পক্ষই বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থন সংগ্ৰহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
বৰ্তমান লোকসভাত বিধেয়কখন গৃহীত কৰিবলৈ ৩৬০টা ভোটৰ প্ৰয়োজন। ৫৪০গৰাকী সাংসদ থকা লোকসভাত শাসকীয় এনডিএৰ পক্ষত আছে ৩১৯গৰাকী সাংসদ। ফলত বিধেয়কখন গৃহীত কৰাবলৈ চৰকাৰক আৰু ৪১গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ'ব। একেদৰে ৰাজ্যসভাত বিধেয়কখনৰ সপক্ষে ১৬২টা ভোটৰ প্ৰয়োজন হোৱাৰ বিপৰীতে এনডিএৰ হাতত আছে ১৫১গৰাকী সাংসদ। সেই অনুসৰি উচ্চ সদনতো চৰকাৰক অতিৰিক্ত ১১টা ভোটৰ প্ৰয়োজন হ'ব।
ইয়াৰ মাজতে শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া ৪.৩০ বজাত বিৰোধী দলসমূহেও বিশেষ অধিৱেশনৰ কৌশল প্ৰস্তুত কৰিবলৈ বৈঠকত মিলিত হোৱাৰ কথা। শাৰদ পাৱাৰ নেতৃত্বাধীন এনচিপি (এছপি) দলে নিজৰ সকলো সাংসদৰ বাবে হুইপ জাৰি কৰিছে। বিধেয়কখনৰ খচৰা প্ৰকাশ নোপোৱালৈকে এই সন্দৰ্ভত কোনো মন্তব্য নকৰে বুলি দলটোৰ সাংসদ সুপ্ৰিয়া সুলেই স্পষ্ট কৰি দিয়ে।
কংগ্ৰেছসহ বিৰোধী দলসমূহে মহিলা সংৰক্ষণক সমষ্টি পুনৰ নিৰ্ধাৰণৰ চৰ্তৰ পৰা পৃথক কৰি বৰ্তমানৰ ৫৪৩খন আসনৰ লোকসভাতে ৩৩ শতাংশ সংৰক্ষণ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ দাবী জনাইছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই বিশেষ অধিৱেশন আহ্বান কৰাক লৈ চৰকাৰৰ উদ্দেশ্যৰ ওপৰত প্ৰশ্ন তুলিছে।
ইপিনে বিআৰএছ দলটোৱে বিধেয়কখনৰ ক্ষেত্ৰত চৰকাৰক সমৰ্থন দিয়াৰ ইংগিত দিছে। লগতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উদ্বেগ দূৰ কৰাৰ বাবে লোকসভাৰ আসন ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা আৰু ১৯৭১ চনৰ লোকপিয়লৰ অনুপাত বাহাল ৰখাৰ এক প্ৰস্তাৱ চৰকাৰে বিবেচনা কৰি থকা বুলি জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক সিদ্ধান্ত ঘোষণা কৰা হোৱা নাই। ৩০ নৱেম্বৰত লোকসভা আৰু ২ ডিচেম্বৰত ৰাজ্যসভাৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত ৩ ডিচেম্বৰত এই বিশেষ অধিৱেশনৰ সামৰণি পৰিব।