শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰয়োজনীয় সুবিধা আৰু ফৰেনছিক বিশেষজ্ঞৰ অভাৱৰ বাবে ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা ডিব্ৰুগড়ৰ AMCHত কৰা হ’ব।
ৱাহাটীৰ বিলাস ইন হোটেলৰ পাঁচজন লোকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (AMCH)ত সম্পন্ন কৰা হ’ব।
মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে AMCHত তিনিজনীয়া চিকিৎসকৰ এটা ব’ৰ্ড গঠন কৰা হৈছে।
উল্লেখ্য, ৪ নৱেম্বৰৰ পুৱতিনিশা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত ফুলপানীছিগাৰ ৰংমন ধাবাৰ সমীপত আৰক্ষীৰ গুলীত মৃত্যু হৈছিল ঘনকান্ত গগৈৰ।
শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই জনোৱা মতে, গগৈক এটা গোচৰৰ তদন্তৰ বাবে প্ৰডাকচন ৱাৰেণ্টৰ ভিত্তিত গুৱাহাটী পৰা শিৱসাগৰলৈ নিয়া হৈছিল।
newznow.in