ৱাহাটীৰ বিলাস ইন হোটেলৰ পাঁচজন লোকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (AMCH)ত সম্পন্ন কৰা হ’ব। প্ৰথমে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এই পৰীক্ষা কৰাৰ কথা আছিল যদিও তাত প্ৰয়োজনীয় সুবিধা আৰু ফৰেনছিক বিশেষজ্ঞ নথকাৰ বাবে স্থান সলনি কৰা হৈছে।
মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে AMCHত তিনিজনীয়া চিকিৎসকৰ এটা ব’ৰ্ড গঠন কৰা হৈছে। পৰীক্ষা আৰু ইয়াৰ ফলাফল সম্পৰ্কীয় অধিক তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
উল্লেখ্য, ৪ নৱেম্বৰৰ পুৱতিনিশা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত ফুলপানীছিগাৰ ৰংমন ধাবাৰ সমীপত আৰক্ষীৰ গুলীত মৃত্যু হৈছিল ঘনকান্ত গগৈৰ। আৰক্ষীৰ ভাষ্য অনুসৰি, গুৱাহাটীৰ পৰা শিৱসাগৰলৈ নিয়াৰ পথত তেওঁ পলায়নৰ চেষ্টা কৰাৰ লগতে এগৰাকী আৰক্ষী বিষয়াৰ সেৱা ৰিভলভাৰ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল।
শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই জনোৱা মতে, গগৈক এটা গোচৰৰ তদন্তৰ বাবে প্ৰডাকচন ৱাৰেণ্টৰ ভিত্তিত গুৱাহাটী পৰা শিৱসাগৰলৈ নিয়া হৈছিল। পঞ্জাব নেশ্যনেল বেংকৰ ঋণ প্ৰৱঞ্চনাৰ অভিযোগত ৰুজু হোৱা গোচৰটোত জাল নথি দাখিল কৰি এক্সকেভেটৰ ক্ৰয়ৰ বাবে ঋণ লোৱাৰ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে।
আৰক্ষীৰ মতে, সংঘৰ্ষৰ সময়ত সেৱা ৰিভলভাৰৰ পৰা তিনিজাঁই গুলী ফুটে আৰু এগৰাকী আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হয়। পাছত শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে গগৈক বাধা দিবলৈ গুলীচালনা কৰে। আহত অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পাছত তেওঁক মৃত ঘোষণা কৰা হয়।