জামুগুৰিহাটৰ গেৰেকিচুকৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শিল ভৰ্তি ডাম্পাৰ বাগৰি পৰাৰ ফলত তিনিগৰাকী শিক্ষাৰ্থীসহ এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।
জামুগুৰিহাট: জামুগুৰিহাটৰ গেৰেকিচুকত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিগৰাকী ছাত্ৰ-ছাত্ৰীসহ এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, গেৰেকিচুকস্থিত বৰভগীয়া মজলীয়া বিদ্যালয়ৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই শিল ভৰ্তি এখন ডাম্পাৰ বাগৰি পৰে।
জামুগুৰিহাট নগৰ অভিমুখে গৈ থকা এএছ-২৭ চি-২৭০৭ (AS 27 C 2707) নম্বৰৰ ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাৰ পিছতে আহতসকলক ততাতৈয়াকৈ উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয়।
newznow.in