জামুগুৰিহাট: জামুগুৰিহাটৰ গেৰেকিচুকত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিগৰাকী ছাত্ৰ-ছাত্ৰীসহ এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, গেৰেকিচুকস্থিত বৰভগীয়া মজলীয়া বিদ্যালয়ৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই শিল ভৰ্তি এখন ডাম্পাৰ বাগৰি পৰে। ফলত বিদ্যালয়খনৰ তিনিগৰাকী শিক্ষাৰ্থী আৰু এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।

জামুগুৰিহাট নগৰ অভিমুখে গৈ থকা এএছ-২৭ চি-২৭০৭ (AS 27 C 2707) নম্বৰৰ ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাৰ পিছতে আহতসকলক ততাতৈয়াকৈ উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয়। পৰৱৰ্তী সময়ত স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে আটাইকেইজনকে তেজপুৰলৈ স্থানান্তৰ কৰা হয়।

ইপিনে ঘটনাৰ খবৰ পাই আৰক্ষীৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।