ৰাজ্যজুৰি চলি থকা বাণিজ্যিক বাহনৰ ধৰ্মঘট প্ৰত্যাহাৰ কৰি চৰকাৰক দাবী পূৰণৰ বাবে ১১ ডিচেম্বৰলৈ সময়সীমা বান্ধি দিলে আমটাই।
গুৱাহাটী, ২৭ নৱেম্বৰ: ৰাজ্যজুৰি চলি থকা বাণিজ্যিক পৰিবহণ বাহনৰ ধৰ্মঘট অৱশেষত প্ৰত্যাহাৰ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই (আমটা)।
গতি নিয়ন্ত্ৰক যন্ত্ৰ (এছএলডি) আৰু বাহন নিৰীক্ষণ ব্যৱস্থা (ভিএলটিডি) সংস্থাপন, বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ, ই-চালান ব্যৱস্থা আৰু পৰিবহণ সম্পৰ্কীয় অন্যান্য নিয়ম কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সন্মুখীন…
ইয়াৰ পূৰ্বে যোৱা ২৬ নৱেম্বৰত দিছপুৰৰ জনতা ভৱনত আমটাৰ প্ৰতিনিধি দলৰ সৈতে পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ এক বৈঠক অনুষ্ঠিত হৈছিল।
ইফালে, পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে জনোৱা অনুসৰি এছএলডি আৰু ভিএলটিডি সংস্থাপন কৰা বাহনৰ তথ্য 'বাহন' প'ৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ বাবে ৪৫ দিনৰ সময়সীমা দিয়া হৈছে।
newznow.in