গুৱাহাটী, ২৭ নৱেম্বৰ: ৰাজ্যজুৰি চলি থকা বাণিজ্যিক পৰিবহণ বাহনৰ ধৰ্মঘট অৱশেষত প্ৰত্যাহাৰ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই (আমটা)। সংগঠনটোৱে নিজৰ বিভিন্ন দাবী কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰক অহা ১১ ডিচেম্বৰলৈ সময়সীমা বান্ধি দিছে। পৰিবহণ খণ্ডৰ সৈতে জড়িত একাধিক সমস্যা সমাধানৰ দাবীত সংগঠনটোৱে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

গতি নিয়ন্ত্ৰক যন্ত্ৰ (এছএলডি) আৰু বাহন নিৰীক্ষণ ব্যৱস্থা (ভিএলটিডি) সংস্থাপন, বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ, ই-চালান ব্যৱস্থা আৰু পৰিবহণ সম্পৰ্কীয় অন্যান্য নিয়ম কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহক লৈ পৰিবহণ সংস্থাসমূহে আপত্তি দৰ্শাই আহিছিল। বিশেষকৈ এছএলডি সংস্থাপনৰ বাবে পৰ্যাপ্ত কেন্দ্ৰ নথকা, ভিএলটিডিৰ তথ্য 'বাহন' প'ৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ জটিলতা আৰু ফিটনেছ পৰীক্ষাৰ সুবিধাৰ অভাৱৰ বিষয়টো সংগঠনটোৱে গুৰুত্বসহকাৰে উত্থাপন কৰিছিল।

ইয়াৰ পূৰ্বে যোৱা ২৬ নৱেম্বৰত দিছপুৰৰ জনতা ভৱনত আমটাৰ প্ৰতিনিধি দলৰ সৈতে পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত পৰিবহণ আয়ুক্ত তথা সচিব আকাশ দীপ উপস্থিত আছিল। বৈঠকত সংগঠনটোৱে চৰকাৰৰ ওচৰত ছটা দাবী উত্থাপন কৰি লিখিত প্ৰতিশ্ৰুতি বিচাৰিছিল।

ইফালে, পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে জনোৱা অনুসৰি এছএলডি আৰু ভিএলটিডি সংস্থাপন কৰা বাহনৰ তথ্য 'বাহন' প'ৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ বাবে ৪৫ দিনৰ সময়সীমা দিয়া হৈছে। এই সময়ছোৱাত যাৱতীয় কাম সম্পূৰ্ণ কৰিলে বাহনৰ গৰাকীসকলে জৰিমনা পৰিশোধৰ পৰা ৰেহাই লাভ কৰিব।

ধৰ্মঘট প্ৰত্যাহাৰ কৰাৰ ফলত ৰাজ্যত বাণিজ্যিক পৰিবহণ সেৱা পুনৰ স্বাভাৱিক হৈ পৰিছে। এতিয়া আমটাই বান্ধি দিয়া ১১ ডিচেম্বৰৰ সময়সীমাৰ ভিতৰত চৰকাৰে তেওঁলোকৰ দাবীসমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ'ব।