ৰাজনীতি

ডাঃ হাবে টেৰণ আইনৰ উৰ্ধত নহয়: উপাধ্যক্ষ বিতৰ্ক সন্দৰ্ভত অধ্যক্ষ ৰঞ্জিত দাস

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে।

২ / ৫

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ডাঃ টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু তেওঁৰ উপাধ্যক্ষ পদৰ ভৱিষ্যত সন্দৰ্ভত অধ্যক্ষ ৰঞ্জিত দাসে কয়, "আমি কোনো আইনৰ উৰ্ধত নহয়।" ব্যক্তিগতভাৱে বা বিধানসভাৰ…

৩ / ৫

ডাঃ হাবে টেৰণৰ বিধায়ক পদ খাৰিজ সম্পৰ্কে অধ্যক্ষগৰাকীয়ে কয় যে নিৰ্বাচিত প্ৰতিনিধিসকলক নিৰ্বাচন আয়োগে প্ৰমাণপত্ৰ প্ৰদান কৰে।

৪ / ৫

অভিযোগ উত্থাপন হোৱা আৰু আদালতত দোষী সাব্যস্ত হোৱাৰ মাজত যথেষ্ট পাৰ্থক্য আছে বুলি উল্লেখ কৰি অধ্যক্ষ দাসে কয় যে প্ৰতিটো বিষয় আইনগত প্ৰক্ৰিয়াৰ মাজেৰেহে আগবাঢ়িব লাগিব।

৫ / ৫

উল্লেখ্য যে কাৰ্বি আংলঙৰ এগৰাকী মহিলাই সংবাদমেলত অভিযোগ কৰিছিল যে ডাঃ হাবে টেৰণে বিবাহৰ প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল আৰু তেওঁলোকৰ এটা ৫ বছৰীয়া পুত্ৰ সন্তানো আছে।

ডাঃ হাবে টেৰণ আইনৰ উৰ্ধত নহয়: উপাধ্যক্ষ বিতৰ্ক সন্দৰ্ভত অধ্যক্ষ ৰঞ্জিত দাস

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক