২৭ নৱেম্বৰ, ২০২৬
অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে প্ৰথমবাৰৰ বাবে মুখ খুলিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে। সমগ্ৰ বিষয়টোক সম্পূৰ্ণৰূপে আইনগত বিষয় বুলি অভিহিত কৰি অধ্যক্ষগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কোনো লোকেই আইনৰ উৰ্ধত নহয় আৰু অভিযোগ প্ৰমাণিত হ'লে আইন অনুসৰিয়েই ব্যৱস্থা লোৱা হ'ব।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ডাঃ টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু তেওঁৰ উপাধ্যক্ষ পদৰ ভৱিষ্যত সন্দৰ্ভত অধ্যক্ষ ৰঞ্জিত দাসে কয়, "আমি কোনো আইনৰ উৰ্ধত নহয়।" ব্যক্তিগতভাৱে বা বিধানসভাৰ অধ্যক্ষ হিচাপে এই বিষয়ত তেওঁৰ কৰিবলগীয়া একো নাই বুলিও তেওঁ স্পষ্ট কৰে। আদালত বা আইনৰ পৰা নিৰ্দেশ আহিলেহে সেই অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ জনায়।
বিধায়ক পদ খাৰিজ আৰু আইনগত প্ৰক্ৰিয়া
ডাঃ হাবে টেৰণৰ বিধায়ক পদ খাৰিজ সম্পৰ্কে অধ্যক্ষগৰাকীয়ে কয় যে নিৰ্বাচিত প্ৰতিনিধিসকলক নিৰ্বাচন আয়োগে প্ৰমাণপত্ৰ প্ৰদান কৰে। সেয়েহে কেৱল কোনো অভিযোগ উত্থাপন হ'লেই এজন বিধায়কৰ পদ খাৰিজ হৈ নাযায়। বিধায়কৰ পদ খাৰিজৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ বা আদালতৰ আইনগত প্ৰক্ৰিয়া আৰু নিৰ্দেশৰ প্ৰয়োজন হ'ব।
অভিযোগ উত্থাপন হোৱা আৰু আদালতত দোষী সাব্যস্ত হোৱাৰ মাজত যথেষ্ট পাৰ্থক্য আছে বুলি উল্লেখ কৰি অধ্যক্ষ দাসে কয় যে প্ৰতিটো বিষয় আইনগত প্ৰক্ৰিয়াৰ মাজেৰেহে আগবাঢ়িব লাগিব।
উল্লেখ্য যে কাৰ্বি আংলঙৰ এগৰাকী মহিলাই সংবাদমেলত অভিযোগ কৰিছিল যে ডাঃ হাবে টেৰণে বিবাহৰ প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল আৰু তেওঁলোকৰ এটা ৫ বছৰীয়া পুত্ৰ সন্তানো আছে। বিধায়ক আৰু পৰৱৰ্তী সময়ত উপাধ্যক্ষ হোৱাৰ পাছত ডাঃ টেৰণে তেওঁক এৰাই চলা বুলি দাবী কৰি মহিলাগৰাকীয়ে অধ্যক্ষৰ হস্তক্ষেপ বিচাৰিছিল। লগতে পিতৃত্বৰ প্ৰমাণৰ বাবে তেওঁ ডিএনএ পৰীক্ষাৰো প্ৰত্যাহ্বান জনাইছিল।
ইফালে বিৰোধী দলসমূহে উপাধ্যক্ষগৰাকীৰ পদত্যাগ আৰু নিলম্বনৰ দাবী জনোৱাৰ বিপৰীতে ডাঃ হাবে টেৰণে এই অভিযোগক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।