অসম

অসম সচিবালয়ৰ মহিলা কৰ্মচাৰীয়ে পিন্ধিব নোৱাৰিব জিন্স, টি-শ্বাৰ্ট

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

অসম বিধানসভা সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে কঠোৰ পোছাক বিধি নিৰ্ধাৰণ কৰি জিন্স, টি-শ্বাৰ্ট আৰু লেগিংছ পৰিধানত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

২ / ৫

অসম সচিবালয়ৰ মহিলা কৰ্মচাৰীয়ে পিন্ধিব নোৱাৰিব জিন্স, টি-শ্বাৰ্ট, টিউনিক, লেগিংছ, ক্র’কছ, ফ্লিপ-ফ্লপ, পাৰ্টী ড্রেছ।পুৰুষ কৰ্মচাৰীয়েও পিন্ধিব নোৱাৰিব জিন্স, টি-শ্বাৰ্ট।

৩ / ৫

নতুন নিৰ্দেশনা অনুসৰি, মহিলা কৰ্মচাৰীসকলে কাৰ্যালয়লৈ আহোঁতে মেখেলা-চাদৰ, শাৰী অথবা ছালৱাৰ-কামিজৰ দৰে আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰিব লাগিব।

৪ / ৫

একেদৰে পুৰুষ কৰ্মচাৰীসকলৰ বাবে আনুষ্ঠানিক চাৰ্ট আৰু পেণ্ট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।

৫ / ৫

এই নিৰ্দেশনাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে প্ৰতি বুধবাৰে কৰ্মচাৰীসকলে অসমৰ যিকোনো জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিব পাৰিব।

অসম সচিবালয়ৰ মহিলা কৰ্মচাৰীয়ে পিন্ধিব নোৱাৰিব জিন্স, টি-শ্বাৰ্ট

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক