অসম সচিবালয়ৰ মহিলা কৰ্মচাৰীয়ে পিন্ধিব নোৱাৰিব জিন্স, টি-শ্বাৰ্ট, টিউনিক, লেগিংছ, ক্র’কছ, ফ্লিপ-ফ্লপ, পাৰ্টী ড্রেছ।পুৰুষ কৰ্মচাৰীয়েও পিন্ধিব নোৱাৰিব জিন্স, টি-শ্বাৰ্ট। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ জাননী জাৰি।

অসম বিধানসভা সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে এক কঠোৰ পোছাক বিধি নিৰ্ধাৰণ কৰা হৈছে। কাৰ্যালয়ৰ কৰ্মদিনসমূহত জিন্স, টি-শ্বাৰ্ট আৰু লেগিংছ পৰিধান কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে কৰ্তৃপক্ষই। কৰ্মক্ষেত্ৰত শৃংখলা আৰু আনুষ্ঠানিক পৰিৱেশ বজাই ৰখাৰ উদ্দেশ্যেই এই নিৰ্দেশনা জাৰি কৰা হৈছে।


নতুন নিৰ্দেশনা অনুসৰি, মহিলা কৰ্মচাৰীসকলে কাৰ্যালয়লৈ আহোঁতে মেখেলা-চাদৰ, শাৰী অথবা ছালৱাৰ-কামিজৰ দৰে আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰিব লাগিব। জিন্স, টি-শ্বাৰ্ট আৰু লেগিংছক অনানুষ্ঠানিক সাজ হিচাপে গণ্য কৰি এইবোৰ নিষিদ্ধ কৰা হৈছে।

একেদৰে পুৰুষ কৰ্মচাৰীসকলৰ বাবে আনুষ্ঠানিক চাৰ্ট আৰু পেণ্ট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। সকলো কৰ্মচাৰীয়ে কাৰ্যালয়ৰ দিনসমূহত এই নীতি মানি চলিব লাগিব।

এই নিৰ্দেশনাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে প্ৰতি বুধবাৰে কৰ্মচাৰীসকলে অসমৰ যিকোনো জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিব পাৰিব। ইয়াৰ উপৰি বিধানসভাৰ অধিৱেশন চলি থকা সময়ত আৰু আন বিশেষ আনুষ্ঠানিক অনুষ্ঠানত সচিবালয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।

এই পোছাক বিধি কেৱল স্থায়ী কৰ্মচাৰীৰ বাবেই নহয়, বৰঞ্চ দৈনিক মজুৰি, নিৰ্ধাৰিত বেতন আৰু মাহেকীয়া সন্মানীৰ ভিত্তিত কৰ্মৰত সকলো শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। জাননীত উল্লেখ কৰা অনুসৰি, এই নিৰ্দেশনা উলংঘা কৰা কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।