চিয়াং উচ্চ বহুমুখী প্ৰকল্পবিৰোধী আন্দোলনত আটক লোকক মুকলি কৰাৰ দাবীত ইটানগৰ কেপিটেল ৰিজিয়নত ১২ ঘণ্টীয়া বন্ধ পালন কৰে PRAC-এ।
ইটানগৰঃ অৰুণাচল প্ৰদেশৰ ইটানগৰ ৰাজধানী অঞ্চলত People's Rights Action Committee (PRAC)-এ আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিল।
ৰাজধানী আৰক্ষী অধীক্ষক জুম্মাৰ বাসাৰে জনোৱা মতে, বন্ধৰ সময়ছোৱা সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল।
উল্লেখ্য, ২৩ অক্টোবৰত Siang, East Siang আৰু Upper Siang জিলাত প্ৰস্তাৱিত Siang Upper Multipurpose Project (SUMP)-ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সৈতে জড়িত আটকাধীন লোকসকলক মুক্তি দিয়াৰ দাবীত…
সংগঠনটোৰ আন দাবীসমূহৰ ভিতৰত প্ৰস্তাৱিত প্ৰকল্পস্থলীত মোতায়েন কৰা নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ, গাঁওবুঢ়াসকলৰ নিলম্বনৰ নিৰ্দেশ প্ৰত্যাহাৰ আৰু SUMPৰ জৰীপৰ কাম বন্ধ কৰা আদি অন্যতম।
newznow.in