মটক জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাৰ লক্ষ্যৰে একত্ৰিত হ’ল পাঁচটাকৈ সক্ৰিয় সংগঠন।
মটক সন্মিলন, মটক যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদ, মটক যুৱ ছাত্ৰ পৰিষদ আৰু মটক ছাত্ৰ সন্থাৰ উদ্যোগত গঠন কৰা হয় এই নতুন ৰাজনৈতিক মঞ্চ।
সভাত চান্দ কুমাৰ গোহাঁইক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।
নৱগঠিত মঞ্চখনে কেৱল জনগোষ্ঠীয় সংগঠন হিচাপে কাম কৰাতে সীমাবদ্ধ নাথাকি প্ৰত্যক্ষ নিৰ্বাচনী ৰাজনীতিতো অংশগ্ৰহণৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
পাঁচটা সংগঠনৰ যৌথ উদ্যোগত সাতখন জিলাৰ মটক জনগোষ্ঠীৰ লোকসকলক সামৰি গঠন কৰা এই মঞ্চৰ জৰিয়তে জনগোষ্ঠীটোৰ ৰাজনৈতিক দাবী আৰু স্বাৰ্থসমূহ উত্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে।
newznow.in